গৰৈমাৰীত চাইন্স একাডেমীৰ শুভ উদ্বোধন

গৰৈমাৰীত চাইন্স একাডেমীৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত দেওবাৰে 'জ্ঞানদ্বীপ এডুকেশ্বন ফাউণ্ডেচন'ৰ দ্বাৰা পৰিচালিত চাইন্স একাডেমী নামৰ এখনি ক'লা আৰু বিজ্ঞান শাখাৰ জুনিয়ৰ কলেজ এখনৰ শুভাৰম্ভ কৰা হয়৷ জানিব পৰামতে ফিতা কাটি জুনিয়ৰ কলেজখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদে৷ এই উপলক্ষে একাডেমী প্ৰাংগণত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হবিবুৰ ৰহমান সঞ্চালিত সভাৰ উদ্দোশ্য ব্যাখ্যা কৰে নূৰ ইছলামে৷

সভাত অংশগ্ৰহণ কৰি গৰৈমাৰীৰ আইডিয়েল একাডেমীৰ এম ডি ছামছুল হকে কয়-বিজ্ঞান শিক্ষাৰ বাবে এসময়ত অঞ্চলটোৰ শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণৰ বাবে বিভিন্ন চহৰ-মহানগৰলৈ যাবলগীয়া হৈছিল৷ কিন্তু এতিয়া বৃহত্তৰ অঞ্চলৰ মেধাবী শিক্ষাৰ্থীয়ে গৰৈমাৰীত বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰা বুলি তেওঁ উল্লেখ কৰে৷ সভাত গৰৈমাৰী চাইন্স একাডেমীৰ পৰিচালন সঞ্চালক আমিনুল ইছলাম, গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যাপক ফখৰুদ্দিন আলী আহমেদ, গৰৈমাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান, গৰৈমাৰী আইডিয়েল একাডেমীৰ অধ্যক্ষ আমিনুল ইছলাম, টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলাম প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in