গৰৈমাৰীৰ ঘোঁৰামাৰা গাঁৱত পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে ৩০০টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, মাস্ক বিতৰণ

গৰৈমাৰীৰ ঘোঁৰামাৰা গাঁৱত পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে ৩০০টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, মাস্ক বিতৰণ


ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ঘোঁৰামাৰা গাঁৱত পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে হৃদয়ৱান দুই ভ্ৰাতৃদ্বয়ে দেওবাৰে তিনিশটা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনী, গাখীৰ, শেৱাই আৰু মাস্ক বিতৰণ কৰি মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে৷ উল্লেখ্য যে, মহামাৰী কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ইতিমধ্যে চতুৰ্থ পৰ্যায় লকডাউন ঘোষণা কৰিছে৷

ইপিনে লকডাউন বৃদ্ধিৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ একপ্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ ইপিনে ছয়গাঁও সমষ্টিৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ অধিকাংশই বিশেষকৈ দিন-হাজিৰা, সাধাৰণ ব্যৱসায়ৰ লগতে সৰু-সুৰা খেতি-বাতি কৰাকে ধৰি বহুলোক আৰ্তনাদ দিন অতিবাহিত কৰিবলগীয়া হৈছে৷

তে'নেক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণাৰ ফলত অঞ্চলটোৰ বিশেষকৈ দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সমস্যাই দেখা দিছে৷ আনহাতে লকডাউনৰ সময়ছোৱাত ল'বলগীয়া সামাজিক দূৰত্ব অৱলম্বন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ এছ আই পাম হাউচৰ স্বত্তাধিকাৰী তথা প্ৰিয়া পাম্পৰ ডিষ্টিবিউটৰ অধিকাৰী দুই ভাতৃদ্বয় ছফিকুল ইছলাম আৰু স্বহিদুল ইছলামে পবিত্ৰ ৰমজানৰ ঈদ উপলক্ষে দেওবাৰে কামৰূপ জিলাৰ গৰৈমাৰীৰ ঘোঁৰামাৰা গাঁৱৰ তিনিশটা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, চেনী, গাখীৰ, শেৱাই আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে মাস্ক বিতৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in