শেহতীয়া খবৰ
‘অপৰাধৰ বাবে সময় নাই, আহি আছে পুলিচ...’ VIDEO  •  নুমলীগড়ৰ দেওপাহাৰৰ সমীপত পথ দুৰ্ঘটনা...  •  দিল্লীত উত্তপ্ত পৰিস্থিতি! টুইটাৰযোগে উপ ৰাজ্যপাল-গৃহমন্ত্ৰীক আহ্বান কেজৰিৱালৰ...  •  লামডিঙত অব্যাহত চুপাৰি ভৰ্তি ট্ৰাকৰ দৌৰাত্ম... VIDEO  •  অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO

এন আৰ চিৰ শুনানিলৈ অহা লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

42

ডিজিটেল সংবাদ, গৰৈমাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ শুনানিৰ বাবে দুৰণিবটীয়া ঠাইৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰীলৈ অহা লোকসকলৰ মাজত স্থানীয় একাংশ যুৱকে বুধবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে৷ জানিব পৰা মতে উৎকট গৰমৰ মাজত এন আৰ চিৰ শুনানিৰ বাবে বৃদ্ধ-শিশু-মহিলাসহ বহুসংখ্যক লোক আলোপতি চৰ, নগৰবেৰা, ডেকাচাং, শিমুলীতোলা আদি ঠাইৰ পৰা বুধবাৰে পুৱা ছয়গাঁৱৰ মাজৰটোপ গাঁও পঞ্চায়তৰ এন এছ কে কেন্দ্ৰত উপস্থিত হয়৷

পিচত ‘সামাজিক প্ৰগতি সংগ’ চমুকৈ এছ পি এছ, কামৰূপ গ্ৰাম্য জিলা যুৱ কংগ্ৰেছ, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাই সাধ্য অনুযায়ী এন আৰ চিৰ শুনানিৰ বাবে অহা লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানীৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে৷

সমাজ সেৱাত জড়িত গৰৈমাৰীৰ উদীয়মান যুৱক যথাক্ৰমে আব্দুৰ ৰহমান, কাদেৰ সৰকাৰ, ছাইফুল ইছলাম, শ্বহিদুৰ ৰহমানসহ আটাইকেইজনক ৰাইজে প্ৰশংসা কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি