গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ

গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত দুখনকৈ গাঁও পঞ্চায়তৰ সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বুধবাৰে দলৰ পৰা বহিষ্কাৰ কৰা হয়৷ জানিব পৰামতে দল বিৰোধী কাৰ্যকলাপৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিয়ে গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ১২নং মাজৰটোপ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী উম্মেল খায়েৰ আৰু ৪নং টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হালিমা আহমেদক দলৰ পৰা বহিষ্কাৰ কৰে।

স্মৰ্তব্য যে সভানেত্ৰী দুগৰাকীয়ে দল বিৰোধী কাৰ্যকলাপৰ উপৰি উন্নয়নমূলক কামৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰে। ইয়াৰোপৰি সভানেত্ৰী দুগৰাকীয়ে বিৰোধী দলৰ লগত গোপন সম্পৰ্ক বজাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে৷ ইপিনে পঞ্চায়ত সভানেত্ৰী দুগৰাকীক বুধবাৰে দলৰ পৰা বহিষ্কাৰ কৰি ছয়গাঁও সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতিলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা বুলি গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ছামচুল হকে জানিবলৈ দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in