গোৰ্খা ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিক সমিতি গঠন…

গোৰ্খা ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিক সমিতি গঠন…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষীথানাৰ অন্তৰ্গত শান্তিপুৰস্থিত গোৰ্খা ভৱনত যোৱা ৯ অক্টোবৰ তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা উৰিয়ামঘাট আঞ্চলিক সমিতিৰ এখন বিষয় বাচনি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷সভাখনত সভাপতিত্ব কৰে আঞ্চলিকৰ সভাপতি মহন লিম্বুয়ে ৷পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে গোলাঘাট জিলাৰ সভাপতি আৰু সম্পাদক ক্ৰমে সঞ্জীৱ ছেএী আৰু মেঘৰাজ সোণাৰৰ লগতে দুৰ্যোধন লিম্বু আৰু কৰ্ণ সিং লিম্বু ৷

গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি কুমাৰ লিম্বু, গেনিন চেত্ৰী, কৰন ৰাই, পূৰ্ণ লিম্বু আদি ভালে কেইগৰাকী গোৰ্খা ছাত্ৰ নেতা উপস্থিত থকা এই প্ৰতিনিধি সভাতেই গোৰ্খা ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিক সমিতিৰ সভাপতি হিচাপে মোহন লিম্বু আৰু প্ৰবিন গন্দ্ৰমাক সম্পাদক ৰূপে লৈ এখন ৩৭ জনীয়া সদস্যৰে এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। প্ৰতিনিধি সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰে ৷ সভাখনত উৰিয়ামঘাটৰ ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ নেতা-কৰ্মী সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in