শেহতীয়া খবৰ
অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান  •  পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ...  •  ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ  •  পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য  •  'বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰ জালমুৰি আৰু ফাষ্টফুডৰ নিচিনা'  •  পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত ধাৰাসাৰ গুলিবৰ্ষণ  •  হঠাৎ ওদালগুৰিত কিয় কোব্ৰা-সেনাক নিয়োগ কৰিব আৰক্ষীয়ে?  •  মুম্বাইৰ এন আই এ টীমৰ জালত ৱাণ্টেড কালিয়া...  •  পথ কেনি  •  বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বেট-বলৰ যুঁজত নামিবনে ভাৰত?

জিঅ’ৰ গ্ৰাহকৰ বাবে সুখবৰ

স্বাধীনতা দিৱসৰ দিনাই গ্ৰাহকলৈ নতুন উপহাৰ

5,366

ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ’ গিগা ফাইবাৰ ব্ৰডবেণ্ডৰ পঞ্জীয়নৰ কাম আৰম্ভ হ’ব ১৫ আগষ্টৰ পৰা। ৰিলায়েন্স ইণ্ড্ৰাষ্টিছৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এই কথা সদৰী কৰিছে।

কোম্পানীটোৰ ৪১ সংখ্যক বছৰেকীয়া সভাত অংশ গ্ৰহণ কৰি তেওঁ কয় যে, জিঅ’ৰ ফিক্স লাইন ব্ৰডবেণ্ড সেৱা জিঅ’ গিগাফাইবাৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।

উল্লেখযোগ্য যে, এই সেৱাৰ পূৰ্বৰ নাম আছিল ‘জিঅ’ ফাইবাৰ’। ভাৰতত মুঠ ১১০০খন চহৰত এই সেৱা উপলব্ধ হ’ব। এই সেৱাৰ সৈতে থাকিব গিগা টিভি, ছেট-টপ বক্স।

ইয়াৰ জৰিয়তে গ্ৰাহকে ভিডিঅ’ ক’ল আৰু মোবাইল সেৱাৰ লগতে গিগা টিভিৰ সেৱাও লাভ কৰিব। আম্বানীয়ে জানিবলৈ দিয়া মতে, এই সেৱাত আল্ট্ৰা হাই ডেফিনেশ্যন, এণ্টাৰটেইমেণ্ট টিভি, ভইচ এক্টিভেটেড এছিছটেন্স, ভাৰস্যুৱেল ৰিয়েলিটি গেম, ডিজিটেল শ্বপিঙৰ সুবিধা থাকিব।

১৫ আগষ্টৰ পৰা গ্ৰাহকে এই সেৱাৰ বাবে ‘মাই জিঅ এপ’ৰ জৰিয়তে নিজৰ নাম পঞ্জিয়ন কৰিব পাৰিব। লক্ষণীয় যে, পঞ্জীয়নৰ বাবে গ্ৰাহকে কোনো মাচুল দিব নালাগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি