স্বৰ্ণজয়ী মনু ভাকৰৰ হাৰিয়াণাৰ মন্ত্ৰীলৈ প্ৰশ্ন- ২ কোটি নে জুমলা দিলে চৰকাৰে?

স্বৰ্ণজয়ী মনু ভাকৰৰ হাৰিয়াণাৰ মন্ত্ৰীলৈ প্ৰশ্ন- ২ কোটি নে জুমলা দিলে চৰকাৰে?

ডিজিটেল ডেস্কঃ যুৱ অলিম্পিকৰ শ্বুটিঙত স্বৰ্ণপদক বিজয়ী মনু ভাকৰে হাৰিয়াণা চৰকাৰৰ মন্ত্ৰী অনিল বিজে তেওঁক ২ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণা সঁচা নে কেৱল এক জুমলা (আভুৱা ভঁৰা) বুলিহে প্ৰশ্ন কৰে৷ উল্লেখ্য যে, যুৱ অলিম্পিকত মনু ভাকৰে অংশ লোৱাৰ পূৰ্বে হাৰিয়াণা চৰকাৰৰ মন্ত্ৰী অনিল বিজে এক টুইটযোগে ঘোষণা কৰিছিল যে যদি মনু ভাকৰে স্বৰ্ণ পদক অৰ্জন কৰে, তেন্তে তেওঁৰ ২ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব৷ আনহাতে এই পুৰস্কাৰ ৰাশি পূৰ্বে কেৱল ১০ লাখ টকাহে আছিল বুলিও সোঁৱৰাই দিছিল মন্ত্ৰীগৰাকীয়ে৷

পিছত যুৱ অলিম্পিকত স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হোৱা মনু ভাকৰক হাৰিয়াণা চৰকাৰে এই পুৰস্কাৰ প্ৰদান নকৰাত টুইটাৰ যোগে মহিলা শ্বুটিং চেম্পিয়নগৰাকীয়ে প্ৰশ্ন কৰে যে চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা ২ কোটি টকাৰ পুৰস্কাৰ সঁচা আছিল নে মাত্ৰ সেয়া জুমলা (আভুৱা ভঁৰা) আছিল৷

আনহাতে আন এক টুইটত মনু ভাকৰে কয় যে হাৰিয়াণাত এতিয়াও বহু প্ৰতিভাৱান খেলুৱৈ কেৱল অৰ্থৰ বাবে খেলি আহিছে৷ তেওঁলোকে সুযোগ আৰু সুবিধা পালে চকুত লগা প্ৰদৰ্শণ কৰিবলৈ সক্ষম হব৷ তেনে ক্ষেত্ৰত তেনে খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ মিছা কথাৰে তেওঁলোকৰ খেলৰ প্ৰতিভা ধ্বংস কৰিব নালাগে বুলিও মন্তব্য কৰে মনু ভাকৰে৷

উল্লেখ্য যে, ভাৰতীয় শ্বুটিং চেম্পিয়ন মনু ভাকৰে যুৱ অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ মনু ভাকৰে বিশ্বকাপ কমনৱেল্থতো ভাৰতৰ হৈ স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ যুৱ অলিম্পিকত তেওঁ ২৩৬.৫ পইন্টেৰে স্বৰ্ণ জয় কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in