গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ

গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহয় বুলি স্পষ্ট কৰে গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাই। এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি ছাত্ৰ সংগঠনটোৱে মুখ্যমন্ত্ৰীক যি জাতীয় নায়ক আখ্যা দিছিল তেওঁ এতিয়া খলনায়কলৈ পৰিণত হৈছে বুলি কয় আৰু বিজেপিৰ পালিনেতা অতুল বৰাক তুচ্ছ তাচ্ছিল্য কৰি অনাগত দিনত অসম চৰকাৰ তথা অতুল বৰাই ইয়াৰ ফল ভুগিবলৈ পাব বুলি ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, তেন্তে সমগ্ৰ অসম জ্বলিব বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in