ফৰকাটিঙত প্ৰাইজমানি মাণ্ডলিক ফুটবল প্ৰতিযোগিতা...

গোলাঘাট জিলাৰ ফৰকাটিং ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু ফৰকাটিং মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ সহযোগত ৯ অক্টোৱৰৰ পৰা ১৯ অক্টোৱৰলৈ ফৰকাটিং মহাবিদ্যালয়ৰ খেল

author-image
Asomiya Pratidin
New Update
addss

ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাট জিলাৰ ফৰকাটিং ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু ফৰকাটিং মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ সহযোগত ৯ অক্টোৱৰৰ পৰা ১৯ অক্টোৱৰলৈ ফৰকাটিং মহাবিদ্যালয়ৰ খেল পথাৰত প্ৰাইজমণি মাণ্ডলিক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

এই উপলক্ষে  আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত পতাকা উত্তোলনৰ পাছতে সদ্য প্ৰয়াত সংগীত শিল্পী,যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে।অনুষ্ঠানৰ আঁত ধৰে ফৰকাটিং ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰদীপ নাথে।

অনুষ্ঠানত ফৰকাটিং মহাবিদ্যাৰয়ৰ অধ্যক্ষ ড°অপূৰ্ব কুমাৰ শইকীয়া,ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি যতীন বৰা,উপসভাপতি ড°লাচিত বৰুৱা,মুখ্য উপদেষ্টা দুগ্ধ দত্ত,উপদেষ্টা যোগেন দত্ত আদি উপস্থিত থাকে।আজি উদ্বোধনী খেল ফৰকাটিং মহাবিদ্যালয় বনাম মাটিখোলা বাদল ক্লাৱৰ মাজত অনুষ্ঠিত হয় আৰু ফৰকাটিং মহাবিদ্যালয়ে বাদল ক্লাৱক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে

ফুটবল