যোৰহাট, গোলাঘাটত সুৰা নিষিদ্ধকৰণে সৃষ্টি কৰিছে নতুন বিভীষিকা

যোৰহাট, গোলাঘাটত সুৰা নিষিদ্ধকৰণে সৃষ্টি কৰিছে নতুন বিভীষিকা

ডিজিটেল ডেস্কঃ বিষাক্ত চুলাইয়ে নৰমেধ যজ্ঞ পতা যোৰহাট আৰু গোলাঘাট জিলাত নিহত লোকৰ সংখ্যা সোমবাৰে মৃত্যু হোৱা ৩জন লোকৰে সৈতে মুঠ প্ৰায় ১৬০ জন হৈছেগৈ। ইফালে শাৰী শাৰী মৃতদেহ, লানি নিছিগা চিতাৰ জুই আৰু পোৰা মঙহৰ গোন্ধে বিগত ৩টা দিনত দুয়োখন জিলাৰ চাহ বাগিচাৰ শ্ৰমিক লাইন আৰু দাতিকাষঁৰীয়া অঞ্চলত সৃষ্টি কৰিছে অবৰ্ণনীয় আৰু অভূতপূৰ্ব পৰিৱেশ। পিতৃ, মাতৃক হেৰুৱাই নিঠৰুৱা হোৱা বগা কাপোৰ পিন্ধা কণ কণ শিশু-কিশোৰৰ কান্দোনৰ ৰোলে সৃষ্টি কৰা হৃদয় বিদাৰক পৰিৱেশত এই দৃশ্য প্ৰত্যক্ষ কৰা সকলেও চকুলো টুকিবলৈ বাধ্য হৈছে।

আনহাতে ইতিমধ্যে জিলা ২খনত চৰকাৰে সুৰা বিক্ৰী বা সেৱন নিষিদ্ধ কৰাৰ পিছত দেখা দিছে নতুন এক ৰোগৰ বিভীষিকাই। নিয়মীয়া সুৰাপায়ীসকলে হঠাতে সুৰা সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰিবলগা হোৱাৰ ফলত আক্ৰান্ত হৈছে স্নায়ুজনিত ৰোগ আৰু মানসিক বিকাৰগ্ৰস্ততাত। বিষাক্ত সুৰা সেৱনৰ ফলত অসুস্থ হৈ চিকিৎসালয়ত থকা এচাম লোক সুস্থ হৈ উঠাৰ সময়তে সুৰাপান বন্ধ কৰাৰ ফলত অসুস্থ হোৱা আন এচাম লোকে সোমবাৰে গোলাঘাটৰ অসামৰিক চিকিতসালয়ত ভীৰ কৰেহি। হাত ভৰি কোঁচ খাই অহা, কঁপি থকা আৰু অস্বাভাৱিক আচৰণ কৰা এনে ৰোগী সকলৰ উপস্থিতিয়ে চিকিৎসক সকলকো নতুনকৈ বিমোৰত পেলাই। ইয়াৰে একাংশক ঔষধ দি ঘৰলৈ পঠিওৱা হয় যদিও ৩জনক চিকিৎসালয়নত ভৰ্তি কৰিবলগা হয়। যি ঘটনা জিলাখনৰ প্ৰশাসনৰ বাবেও এক নতুন সমস্য ৰূপে দেখা দিয়াৰ আশংকা আছে।

ইফালে বিষাক্ত সুৰা সেৱন কৰি অসংখ্য লোকৰ প্ৰাণ হানি হোৱা অঞ্চলবোৰত ৰাজনৈতিক নেতা, মন্ত্ৰী, আৰক্ষীৰ মুৰব্বী, দল-সংগঠনৰ কৰ্মকৰ্তা উপস্থিত হৈ পিতৃ-মাতৃহাৰা সন্তানক অথবা পুত্ৰহাৰা পিতৃ-মাতৃক শান্তনা দিবলৈ চেষ্টা কৰিছে যদিও কিয় বিশেষ ২খন জিলাত ৩দিনতে এনে ভয়ানক ঘটনা সংঘটিত হ'বলৈ পালে সেই দিশত সবাতোকৈ প্ৰয়োজনীয় সত্যটো উদঘাটন কৰিবলৈ এতিয়াও চৰকাৰ সক্ষম হোৱা নাই। সোমবাৰে গোলাঘাটত উপস্থিত হোৱা আৰক্ষী সঞ্চালক প্ৰধানে ঘোষণা কৰিছে যে, চুলাই মদৰ অবৈধ বেহাত জড়িত মুঠ ৪২জন লোকক এতিয়ালৈকে বিভিন্ন জিলাত বিভিন্ন ঠাইত গ্ৰেপ্তাৰ কৰা হৈছে।

কাৰ্বি আংলঙৰ পৰা গোলাঘাট, চৰাইদেও, দুধনৈ আদিকে ধৰি বিভিন্ন স্থানত লালী গুড়ৰ গুদাম ছীল কৰাৰ লগতে বহু স্থানত মাটিৰ তলত পুতি থোৱা চুলাই মদৰ ভাণ্ডাৰ আবকাৰী আৰু আৰক্ষীয়ে ধ্বংস কৰিছে যদিও যোৰহাট, গোলাঘাটৰ হত্যাযজ্ঞৰ বাবে কোনটো মূল উৎস প্ৰকৃততে জগৰীয়া সেয়া এতিয়াও নিশ্চিত হোৱা নাই। একেদৰে নিশ্চিত হোৱা নাই এটাও চেনী কল নথকা ৰাজ্যখনলৈ চুলাই মদ প্ৰস্তত কৰাত ব্যৱহাৰ হোৱা লালী গুড় ক'ৰ পৰা, কোন পথেৰে আৰু কোন মূল সৰবৰাহকাৰীৰ মাধ্যমত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুলাই প্ৰস্তুত কাৰীসকলৰ বাবে সুলভ হৈ পৰিছে সেই কথাও।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বাৰম্বাৰ দোষী আবকাৰী বিষয়াক কঠোৰ শাস্তি বিহা হ'ব বুলি ঘোষণা কৰিলেও ৰাজ্যখনৰ সৰ্বত্ৰে উভৈনদী হৈ পৰা দেশীয় মদ, অৰুণাচলী মদ আৰু চুলাইৰ নৰসংহাৰৰ বাবে কোনো উচ্চ পদাধিকাৰীক তেওঁ দোষী হিচাপে চিনাক্ত কৰি উলিয়াব পৰা নাই। ২জন ইন্সপেক্টৰক নিলম্বনতে মন্ত্ৰীয়ে ঘোষণা কৰা কঠোৰ ব্যৱস্থা সীমাবদ্ধ হৈ ৰৈছে। আনকি ২খন বিশেষ জিলাত ডেৰ শতাধিক লোকৰ তিনি দিনতে মৃত্যু হোৱাৰ সৈতে সাঙুৰ খাই পৰা চুলাইত কি বিষাক্ত পদাৰ্থ মিহলি হৈ আছিল তাৰ বিজ্ঞানসন্মত ব্যাখ্যাও দিব পৰা নাই কেৱল ৰাজহৰ বাবে দেশীয় মদৰ মহল মুকলি কৰি দিয়া আবকাৰী মন্ত্ৰীজনে। এনে পৰিপ্ৰেক্ষিততে বহুজনে বিভীষিকা সৃষ্টিকাৰী এনে পৰিস্থিতিৰ বাবে মন্ত্ৰীজনে পৰোক্ষভাৱে জগৰীয়া বুলি অভিযোগ কৰি তেওঁঁক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰিছে।

ইফালে নিহত লোকৰ চিতা বিভিন্ন স্থানত এতিয়াও জ্বলি থকাৰ বিপৰীতে যোৰহাট চিকিৎসালয়, গোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আদিত চিকিৎসাধীন হৈ থকা সুৰাপায়ী শতাধিক লোকৰ প্ৰাণ ৰক্ষা পৰাৰ লগতে ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতি ঘটিছে যদিও আজিৰে পৰা গোলাঘাটৰ চিকিৎসালয়লৈ আহিবলৈ আৰম্ভ কৰিছে নিয়মীয়া সুৰা সেৱী আন একাংশ অসুস্থ লোক। উল্লেখ্য যে, ইতিমধ্যে জিলা ২খনত চুলাইৰ বেহা সম্পূৰ্ণ নিষিদ্ধ কৰি ব্যাপক অভিযান চলাই থকাৰ ফলত চাহ বাগিচাৰ এলেকা সমূহৰ লগত দাঁতিকাষৰীয়া অঞ্চলৰ দৈনিক এই সুৰা পান কৰা লোকসকলে হঠাতে সুৰা সেৱন বন্ধ কৰিবলগা হোৱাৰ ফলত স্নায়ুজনিত ৰোগ তথা অস্বাভাৱিক আচৰণ কৰাৰ দৰে নতুন ধৰণৰ ৰোগত আক্ৰান্ত হৈছে।

জানিব পৰা মতে, সোমবাৰে বিয়লিৰে পৰা হাত ভৰি কোঁচ খাই অহা, কঁপনি উঠা আদিৰ লগতে মানসিক বিকাৰগ্ৰস্তৰ দৰে আচৰণ কৰা একাংশ লোক গোলাঘাটত অসামৰিক চিকিৎসালয়লৈ অনা হয়। ইয়াৰে কিছু সংখ্যকক প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত ঔষধ প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হয় যদিও ৩জনক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে। চিকিৎসকৰ মতে দীৰ্ঘকাল সুৰাপান কৰা লোকসকলে হঠাতে সুৰা বন্ধ কৰা অথবা ড্ৰাগছ সেৱী সকলে ইয়াৰ সেৱন বন্ধ কৰিলে হোৱাৰ দৰেই তেওঁলোক ৰোগাক্ৰান্ত হৈছে যদিও চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোক ইয়াৰ পৰা মুক্ত হ'ব।

আনহাতে চুলাই খাই মৰাৰ বাবেই এই বৃহত সংখ্যক মৃত লোকৰ পৰিয়ালৰ দুৰ্ভাগ্যৰ সময়ত সমবেদনা জনোৱা লোকৰ তুলনাত ইয়াকে লৈ ৰাজ্যজুৰি হোৱা সমালোচনায়ো দুৰ্ভগীয়া ডেৰ শতাধিক পৰিয়ালক তীব্ৰভাবে মানসিক পীড়া দিছে। চৰকাৰে সুৰাৰ বেহাৰ ওপৰত থকা সকলো বাধা নিষেধ পৰোক্ষভাৱে উঠাই লোৱাৰ পৰিণতিতে গোলাঘাট, যোৰহাটত এনে ঘটনা সংঘটিত হোৱাৰ সত্বেও ৰজাঘৰৰ পৰা কেৱল সুৰা সেৱীসকলকহে তেওঁলোকৰ বদ-অভ্যাসৰ এয়া পৰিণতি বুলি কৈ অৰ্থসাহায্য ঘোষণাৰেই বিষয়টোৰ সামৰণি মাৰিবলৈ বিচৰা কাৰ্যকো সহজভাৱে ল'ব পৰা নাই ক্ষতিগ্ৰস্ত পৰিয়াল আৰু গাঁওসমূহে। বিভিন্ন দল-সংগঠনে নিহত লোকৰ নাবালক-নাবালিকা সন্তানৰ সামগ্ৰীক দায়িত্ব বহন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in