শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

গোলাঘাটৰ চেলেঙীত খাদ্যত বিষক্ৰিয়া,আক্ৰান্ত ১৫ কৈও অধিক…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট চহৰৰ সমীপৱৰ্তী চেলেঙীত শনিবাৰে খাদ্যত বিষক্ৰিয়া হৈ ১৫ জনৰো অধিক লোক চিকিৎসাধীন হ’ব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি গোলাঘাটৰ চেলেঙীৰ দীপক ফুকনৰ ঘৰত নাম প্ৰসংগৰ অন্তত একাংশই চিৰা-দৈ আৰু মাহ প্ৰসাদ খাইছিল ৷

আৰু একাংশই ভাত খাইছিল ৷ ইয়াৰ পিছতেই চিৰা দৈ খোৱা সকল অসুস্থ হৈ পৰে। অসুস্থ সকলক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।বিষক্ৰিয়াত আক্ৰান্ত হোৱাসকলৰ একাংশ হ’ল অনিপ্ৰভা ফুকন, ৰনজিত ফুকন, নিত্যা ফুকন, মৃদু ফুকন, এজন ৮০ বছৰীয়া বৃদ্ধ সুনাবৰ গগৈ (পাঠেক) ইয়াৰ মাজতে আছে এজন ১০ বছৰীয়া শিশু মৃদু ফুকন ৷ইয়াৰে ১০ গৰাকীৰ অৱস্থা সংকটজনক ।