গোলাঘাটৰ চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে বিধায়ক মৃণাল শইকীয়া

গোলাঘাটৰ চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে বিধায়ক মৃণাল শইকীয়া

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাটৰ চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰিছে বিধায়ক মৃণাল শইকীয়া। চৰকাৰী আচনিৰ বুঁজ লৈছে প্ৰতিটো কাৰ্যালয়ত। বিষয়া , ঠিকাদাৰ সকলোৰে লগত পৃথক পৃথক ভাবে কথা বতৰা পাতিছে শইকীয়াই । বিধায়কগৰাকীয়ে চৰকাৰী আঁচনি সমুহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ক্ষেত্রত কোনো কম্প্ৰমাইজ কৰা নহব বুলি মন্তব্য কৰাৰ লগতে সোমবাৰে গোলাঘাট গড়কাপ্তানী বিভাগৰ বিষয়া , আৰু ঠিকাদাৰ সকলৰ লগত আলোচনাত মিলিত হৈ নিৰ্মাণৰত পথ সমুহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে ।

ইফালে কৃষি বিভাগত উপস্থিত হৈ কৃষকৰ বাবে আৱন্ত্ৰিত সামগ্ৰী সমুহ প্ৰকৃত কৃষকক প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে। তদুপৰি ব্যাপক হাৰত বৃদ্ধি পোৱা মদৰ প্ৰচলন বন্ধ কৰাৰ বাবেও আবকাৰী বিভাগৰ বিষয়াৰ লগত আলোচনাত মিলিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in