গোলাঘাটৰ কাকডোঙাত স্বামীয়ে হত্যা কৰিলে পত্নীক…

গোলাঘাটৰ কাকডোঙাত স্বামীয়ে হত্যা কৰিলে পত্নীক…

ডিজিটেল সংবাদ, কাকডোঙাঃ গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা অঞ্চলৰ সোণাখাট চাহ বাগিচাত শনিবাৰে পুৱাৰ ভাগত সংঘটিত এক হত্যাকাণ্ড। নিজ স্বামীৰ অত্যাচাৰত মৃত্যু হয় পত্নীৰ। প্ৰাপ্ত তথ্য মতে, চোমনিগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত সোণাখাট চাহ বাগিচাৰ ২ নম্বৰ লাইনৰ বাসিন্দা দেবেন মিৰ্ধাই পত্নী সাবিত্ৰী মিৰ্ধাক লাঠিৰে মৰিয়াই হত্যা কৰে।

শনিবাৰে পুৱা প্ৰায় দহ বজাতেই এই ঘটনা সংঘটিত হয় যদিও নিশালৈকে মৃতদেহ ঘৰৰ ভিতৰতে লুকুৱাই ৰাখি সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটোক গাপ দিব বিচাৰিছিল বুলি ৰাইজে অভিযোগ কৰিছে। স্থানীয় ৰাইজে নিশা আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহ চমজি লয়। পৰৱৰ্তী সময়ত মৰণোওৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোৱৰ আসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।

হত্যাকাৰী দেবেন মিৰ্ধাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত নিজেই আৰক্ষী থানাত হাজিৰ হয় বুলি জনাই স্থানীয় ৰাইজে। এই ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in