মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ…

মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে চোৰাং কাৰবাৰৰ ৰমৰমীয়া বেপাৰ। দীৰ্ঘদিন ধৰি তেল চুৰি চক্ৰই বিভিন্ন স্থানত তেল চুৰি কৰাৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলেও নেতা-পালিনেতাৰ আশীৰ্বাদপুষ্ট এই চক্ৰই চলাই গৈছে চোৰাং তেলৰ বেহা। শেহতীয়াকৈ গোলাঘাটৰ চোৰাং তেলৰে জড়িত এজন চোৰাং তেল বেপাৰীৰ ঘৰত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পৰমানন্দ দাস নামৰ ব্যৱসায় গৰাকীক।

বোকাখাতৰ ৰজাবাৰীৰ বাসিন্দা তথা অসম গণ পৰিষদৰ নেতা পৰমানন্দ দাসে দীৰ্ঘদিনৰ পৰা এই চোৰাং তেলৰ বেহা চলাই আছিল। তেওঁৰ বাসগৃহত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত চলা অভিযানত চোৰাং তেলৰ এই চক্ৰটোক উৎখাত কৰাৰ লগতে পৰমানন্দ দাসকো আৰক্ষীয়ে আটক কৰি নিয়ে।

ইয়াৰোপৰি, ৰজাবাৰীৰে জগত দাস আৰু বাবৰীৰ নুৰজামান আলী নামৰ লোক দুজনকো এই চোৰাং তেলৰ বেহাৰে জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে আটক কৰে দেওবাৰে। এই অভিযানত চোৰাং তেল সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এনএল ০৫ ডি ৭০৯৫ নম্বৰৰ এখন টেংকাৰ আৰু বহু সংখ্যক তেল ভৰ্তি ড্ৰাম আৰক্ষীয়ে জব্দ কৰিছে।

এই তেল চুৰি চক্ৰক ধৰাৰ পাছতে ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে তেওঁলোকক আৰক্ষীৰ পৰা মুকলি কৰি ৰাখিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা বুলিও চৰ্চা লাভ কৰিছিল। এটা দলৰ সভাপতি আৰু মন্ত্ৰী হোৱাৰ সূত্ৰে তেওঁৰে ঘনিষ্ঠ পৰমানন্দ দাসে মন্ত্ৰীৰ সাহসতেই এনে দুষ্কাৰ্য চলাই অহা বুলিও স্থানীয় লোকে অভিযোগ তুলিছে।

মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ ৰূপে পৰিচিত পৰমানন্দ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চোৰাং কাৰবাৰ আৰু চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, তেনে সময়ত অগপৰ এই স্থানীয় নেতাজনক চোৰাং তেল ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাক স্থানীয় লোকে সন্তুষ্টি ব্যক্ত কৰিলেও এই চক্ৰটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে এতিয়া লক্ষণীয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in