শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

গোলাঘাট জিলাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান..


ডিজিটেল সংবাদ গোলাঘাট: গোলাঘাট জিলাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে। জিলাখনত অবৈধ চুলাই মদৰ ঘাটিসমূহ যাতে কোভিডৰ সংক্ৰমণস্থলীলৈ পৰিণত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক অভিযান চলাবলৈ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আবকাৰী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত বিভাগে অভিযান তীব্রতৰ কৰি তুলিছে। জিলাখনৰ ভিন ভিন ঠাইত যোৱা সময়ছোৱাত গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয়।

বুধবাৰৰ দিনটোত গোলাঘাট আবকাৰী বিভাগে ৬টা স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি নষ্ট কৰে । ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় । অভিযানকাৰী দলে এই অভিযানকালত ৮,২৮০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা পাছ,৬০ লিটাৰ চুলাই মদ, ৫টা চুলাই মদ প্ৰস্তুত কৰা সঁজুলি, ৩৭৫ কিলোগ্ৰাম লালিগুড় আৰু ১০ কিলোগ্ৰাম পাচোৱাই জব্দ কৰে ।

জিলাখনৰ বোকাখাত চক্ৰৰ অধীনৰ চাপৰি গাঁও, কান্ধুলিমাৰি আৰু পৰঙীয়া, ফৰকাটিং চক্ৰৰ অধীনৰ বৰজান, দেৰগাঁও চক্ৰৰ অধীনৰ কাঠকটীয়া আৰু গোলাঘাট সদৰ চক্ৰৰ অধীনৰ আঁঠুকঢ়াচুক আদি ঠাইত অভিযান চলাই এই বৃহৎ পৰিমাণৰ চুলাই আৰু অবৈধ সুৰা তথা সুৰা প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰা হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি