গোলাঘাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী…

গোলাঘাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত: চৰকাৰে জাৰি কৰা সাত দিনীয়া টোটেল কনটেইনমেন্ট জ'নৰ নীতি নিৰ্দেশনা জনসাধাৰণে উলঙ্ঘা কৰিলে ভবিষ্যতে গোলাঘাটত হব পাৰে সম্পূৰ্ণ লকডাউন – গোলাঘাটত আজি কভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গোলাঘটীয়া জনসাধাৰণক এনেদৰে সৰ্তক কৰি দিয়ে ।

গোলাঘাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লগত এক আলোচনাত মিলিত হোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে এই বুলি মন্তব্য কৰে যে গোলাঘাটত কভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰয়োজন হলে গোলাঘাট জিলা প্ৰশাসন কঠোৰতকৈ কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । যদিহে এনেদৰে সংক্ৰমণ বৃদ্ধি হৈ থাকে তেন্তে পুণৰ জিলাখনত কণ্টেইণ্টমেণ্ট জনৰ দিন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও কয় মন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in