গোলাঘাটত বাইক চোৰৰ সন্ত্ৰাস! দুমাহত চুৰি হ’ল ২৮ খনকৈ বুলেট…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত এতিয়া চলিছে ৰয়েল এনফিল্ড বুলেট চোৰৰ সন্ত্ৰাস। বুলেটৰ গৰাকী সকলে এতিয়া নিশা শান্তিৰে শুবও নোৱাৰা হৈছে আৰু বজাৰৰ পাৰ্কিঙত বুলেট থৈ শান্তিৰে বজাৰো কৰিব নোৱাৰা হৈছে। বুলেট চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰৰ সন্ধিয়া চহৰৰ যমুনা পাৰ্কৰ সমীপৰ পৰা প্ৰবীণ গোহাঁই নামৰ লোক জনৰ এএছ ০৫ এল ১৫৫৯ নম্বৰৰ বুলেট খন চোৰে লৈ যায়।

উল্লেখযোগ্য যে, প্ৰবীন গোহাঁইৰ বুলেটখন লৈ তেওঁৰ পুত্ৰ মনোজ বুঢ়াগোহাঁইয়ে চহৰলৈ ওলাই আহোতেই চুৰি কাণ্ডটো সংঘটিত হয়। জানিব পৰা অনুসৰি, যোৱা দুমাহত গোলাঘাট চহৰৰ পৰা ২৮ খন বুলেট চুৰি হ'ল যদিও আৰক্ষীয়ে এতিয়া লৈকে এজনো চোৰক আটক কৰিব পৰা নাই আৰু এখনো চুৰি বুলেট উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অন্যহাতে, বুলেটৰ বাদেও যোৱা দুমাহত কেইবাখনো টিভিএছ এপাচি আৰু পালছাৰ মটৰ চাইকেল চুৰি হোৱাৰ তথ্য পোৱা গৈছে। বহুতে এতিয়া এই চুৰি কাৰ্যৰ অন্তৰালত একবৃহৎ চক্ৰ জড়িত হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে গোলাঘাটৰ আৰক্ষীৰো এটা চক্ৰ উক্ত চক্ৰৰ লগত জড়িত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in