গোলাঘাট এমেচাৰ থিয়েটাৰে মঞ্চস্থ কৰিলে নাটক ‘ছাঁ -পোহৰ’…

গোলাঘাট এমেচাৰ থিয়েটাৰে মঞ্চস্থ কৰিলে নাটক ‘ছাঁ -পোহৰ’…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিয়ে যোৱা ২৭ মে'ৰ সন্ধিয়া  চচাইটিৰ মঞ্চত মঞ্চায়ন  কৰে কবি ,পৰিচালক পলাশ লয়িংৰ ৰচনা আৰু আচিফ জাভেদৰ পৰিচালনাৰে নাটক " ছাঁ -পোহৰ "। নৈ পৰীয়া ৰাইজৰ বান গড়াখহনীয়াৰ পিছত হোৱা পৰিস্থিতি , প্ৰতিবাদী কন্ঠ , ফেচিষ্ট চৰিত্ৰ আদি উপস্থাপনেৰে ৰচনা কৰা হৈছিল নাটক খন।

চচাইটিৰ নিয়মীয়া শিল্পী আৰু কলা কুশলী সকলৰ দ্বাৰা মঞ্চায়ন কৰা নাটক খনৰ অভিনয়ত আছিল নাটক খনৰ নাট্যকাৰ পলাশ লয়িং , বিবেক শইকীয়া , সম্প্ৰীতী কৌশিক , পাপুজিৎ হাজাম আৰু ঋষিকণ্যা বৰুৱা । সূব্ৰত কাকতিয়ে সংগীত পৰিচালনা কৰা নাটক খনত পোহৰ নিয়ন্ত্ৰক আছিল ৰাতুল বৰা । শব্দ আৰু দৃশ্য সজ্জাত আছিল নাটক খনৰ পৰিচালক আচিফ জাভেদ , ৰূপ সজ্জাত ধ্ৰূব কটকী সাজ সজ্জাত সম্প্ৰীতি কৌশিক ।

পাৰ্থ জ্যোতি শৰ্মাই প্ৰযোজনা কৰা নাটক খনৰ নৃত্য পৰিচালনাত সম্প্ৰীতি কৌশিক ,পাপুজিৎ হাজাম আৰু নেপথ্যত আছিল মৃগাংক নাথ , পৰান বৰা , চম্পক চংমা ,বিতুল বৰা , জয় মজুমদাৰ , সুনীল কুমাৰ ৰাজগূৰু , জিতু ৰাজখোৱা আৰু শোভন বৰুৱা । নাটক মঞ্চায়নৰ প্ৰাকমৃহুত্বত নাটক  খনৰ শিল্পী কলা কুশলী সকলক উদ্দেশ্যী চমু বক্তব্য প্ৰদান কৰা গোলাঘাট জিলা উপায়ুক্ত ধীৰেন হাজৰীকাক থিয়েটাৰ চচাইটি তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in