গহপুৰত সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ কাৰ্যনিবাহক সভা, ২০,২১ অক্টোবৰত গোলাঘাটত ৰাজ্যিক অধিৱেশন …

গহপুৰত সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ কাৰ্যনিবাহক সভা,  ২০,২১ অক্টোবৰত গোলাঘাটত ৰাজ্যিক অধিৱেশন …

ডিজিটেল সংবাদ, উত্তৰ অসমঃ গহপুৰত মংগলবাৰে অনুষ্ঠিত হৈ যায় সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা। সভাত সন্থাৰ ৫৩ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি গোলাঘাটত চলিত বৰ্ষৰ ২০,২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই অসম সৰ্বশিক্ষা মিছনে বিদ্যালয় সমূহত গ্ৰীষ্ম বন্ধৰ শিবিৰ অনুষ্ঠিত কৰিবলৈ দিয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰে। যিহেতু অসম চৰকাৰৰ আন বিভাগৰ কৰ্মচাৰীয়ে বছৰত ৩০ দিন আজিও ছুটী পোৱাৰ বিপৰীতে শিক্ষকসকলক মাথো দহ দিনহে আৰ্জিত ছুটী দিয়া হৈছে।

তদুপৰি শিক্ষক সকলক গৰমৰ বন্ধৰ দোহাই দি ৩০ দিন আৰ্জিত ছুটীৰ পৰা বঞ্চিত কৰি আহিছে চৰকাৰে। শিক্ষকসকলৰ দাবী মানি আন কৰ্মচাৰীসকলক দিয়া চুক্তিৰ সুবিধা শিক্ষকসকলক দিলে শিক্ষকসকলে গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰিবলৈ বাধ্য থাকিব। অন্যথা এনে নিৰ্দেশনা ভৱিষ্যতে পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। অসম চৰকাৰৰ সৰ্বশিক্ষা মিছন আৰু ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া নকৰি এক অনিশ্চয়তালৈ শিক্ষকসকলক ঠেলি দিয়া বিষয়ৰ ওপৰত সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

সভাই প্ৰাথমিক শাখাত কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি,বেতন সুৰক্ষাসহ নিয়মীয়া কৰিবলৈ চৰকাৰক সজোৰে দাবী জনায়। অসম চৰকাৰে কৰ্মচাৰীসকলৰ বাবে যোৱা বৰ্ষৰ ২ অক্টোবৰৰ পৰাই বলৱৎ হ'ব পৰা বিনামূলীয়া চিকিৎসা আঁচনিখন আজি পৰ্যন্ত কাৰ্যকৰী নোহোৱাত ক্ষোভ প্ৰকাশ কৰে। চৰকাৰে বৰ্তমান আগবঢ়াই থকা চিকিৎসা ভাত্তা এটি পৰিয়ালৰ বাবে অতি নগণ্য। বৰ্তমান ব্যয়বহুল হৈ পৰা চিকিৎসা ব্যৱস্থাৰ বাবে কৰ্মচাৰীসকলে তেওঁলোকক তাৰ সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনায়। এই ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদকো এক বলিষ্ঠ স্থিতি গ্ৰহণ কৰিবলৈ সভাই আহ্বান জনায়। সভাই চৰকাৰী কৰ্মচাৰীসকলক আগবঢ়োৱা এম এ চি পিৰ সুবিধা বৰ্তমানৰ ব্যৱস্থাক সংশোধন কৰি পূৰ্বৰ দৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দিব পৰা ব্যৱস্থাৰ বাবে আহ্বান জনায়।

আনহাতে,গ্ৰেড পে'ৰ ক্ষেত্ৰটো একাংশ স্নাতক ডিগ্ৰীধাৰী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে ৮,৭০০ টকাকৈ নোপোৱা বিষয়টোকো সভাত উত্থাপন কৰা হয়। সভাপতি-সম্পাদকে এইক্ষেত্ৰত একাংশ শিক্ষা বিষয়াৰ ৰহস্যজনক ভূমিকাকো সমালোচনা কৰে। উল্লেখ্য যে,ৰাজ্যিক সন্থাৰ মুখপত্ৰ "শিক্ষা প্ৰদীপ"খনি আগন্তুক ৫৩ সংখ্যক গোলাঘাট অধিৱেশনত প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। ইচ্ছুক শিক্ষকসকলক লেখা প্ৰকাশৰ বাবে সভাপতি সম্পাদকলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

গহপুৰ জিলা মজলীয়া স্কুল শিক্ষক সন্থাৰ আতিথ্যত গহপুৰ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক সমিতিৰ উপদেষ্টা কুশল কুমাৰ বৰা,চন্দ্ৰ বৰুৱা,সভাপতি হেৰম্ব চৌধুৰী,সম্পাদক প্ৰধান ৰঞ্জিত বৰঠাকুৰ,উপ-সভাপতি টিকেন্দ্ৰজিৎ বৰা,কুলেন্দ্ৰ চহৰীয়া,যুটীয়া সম্পাদক মুকুট গগৈ আৰু সাংগঠনিক সম্পাদক কিশোৰ শইকীয়া উপস্থিত থাকে। এই সভাতে জেষ্ঠ সাংবাদিক ভুৱন শইকীয়া আৰু যুৱ সাংবাদিক দিপাংকৰ কলিতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in