গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ককিলাত সৰ্প দংশনত মৃত্যু হয় এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।  ছাত্ৰীগৰাকী ককিলা মাজগাঁৱৰ উৎপল শৰ্মা (বাবলু) আৰু দীপ্তি শৰ্মাৰ কন্যা তমন্না শৰ্মা।

দেওবাৰে পুৱা ঘৰৰ ভিতৰত থকা সময়তে তমন্নাক বিষাক্ত সাপডালে দংশন কৰে। ততাতৈয়াকৈ কণমানি ছাত্ৰীগৰাকীক বৰগাঙৰ কেথলিক মিচন হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ছাত্ৰীগৰাকীৰৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি পৰিয়ালৰ লোকে এতিয়াও প্ৰাণ পাই উঠিব বুলি বেজৰ সহায় লৈছে। কণমানি ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাই বৃহত্তৰ ককিলা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in