গহপুৰৰ বৰঙাবাৰীত অত্যাধুনিক সা-সুবিধাৰে আৰম্ভ হ’ল বিবেকানন্দ চিকিৎসালয়

গহপুৰৰ বৰঙাবাৰীত অত্যাধুনিক সা-সুবিধাৰে আৰম্ভ হ’ল বিবেকানন্দ চিকিৎসালয়

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীত গহপুৰবাসী ৰাইজৰ বাবে মুকলি হ'ল অত্যাধুনিক সা-সুবিধা যুক্ত এখন চিকিৎসালয়ৰ। স্বেচ্ছসেৱী সংগঠন কোৰোণা ট্ৰাষ্ট, বৰঙাবাৰী শাখাৰ উদ্যোগত বৰঙাবাৰীত স্থাপন কৰা ১০খন বিচনাযুক্ত বিবেকানন্দ চিকিৎসালয়খন সোমবাৰৰ পৰা ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বিবেকানন্দ চিকিৎসালয়খনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হ'ল যদিও চিকিৎসা সেৱাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। বৰ্তমান সময়ত কোভিডৰ জটিল পৰিস্থিতিত চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য কৰি ৰাইজৰ সুবিধাৰ্থে আজিৰে পৰা চিকিৎসা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'য় বিবেকানন্দ চিকিৎসালয়খন।

১০জনকৈ ৰোগী থাকিব পৰা চিকিৎসালয়খনত মাইন'ৰ অ' টি, জৰুৰীকালিন সেৱা, প্ৰসূতীৰ সন্তান প্ৰসৱৰ সুবিধা, চকু চিকিৎসা বিভাগ, ঔষধালয়, লেবৰেট'ৰী আদিৰ সুবিধা উপলব্ধ আছে। চিকিৎসালয়খনত চকু চিকিৎসা বিভাগৰ চিকিৎসকৰ লগতে অন্য দুগৰাকী বিশেষজ্ঞ চিকিৎসকৰ লগতে নাৰ্চ, লেবৰ'টৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আদি থাকিব। চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰা হ'ব যদিও ৰোগীসকলে ঔষধৰ বাবে কিছু অৰ্থ প্ৰদান কৰিব লগা হোৱাৰ লগতে চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীয়ে যাৱতীয় খৰচৰ নামত নূণ্যতম পৰিমানৰ ব্যয় বহন কৰিব লাগিব। কোভিডৰ তৃতীয়টো ঢৌ আহিলে প্ৰয়োজন সাপেক্ষে উক্ত চিকিৎসালয়খনক ডেজিগনেটেড কোভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ কৰিবলৈ সাজু আছে বুলি জানিব দিছে কোৰোণা ট্ৰাষ্ট বৰঙাবাৰী শাখাৰ পৰিচালক অনুপ শৰ্মাই।

ইয়াৰ বাবে চিকিৎসালয়খনত ভেন্টিলেশ্যন, অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন কনচেন্টটেটৰৰ ব্যৱস্থা কৰা হৈছে। ইফালে, গহপুৰ, বিহালী, বিহপুৰীয়া সমষ্টিৰ নৈপৰীয়া ৰাইজক নৌকা চিকিৎসালয়ৰ জৰিয়তে চিকিৎসা প্ৰদান কৰিবলৈয়ো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কোৰোণা ট্ৰাষ্টে। সেই উদ্দেশ্যে কোৰোণা ট্ৰাষ্টৰ বৰঙাবাৰী শাখাৰ উদ্যোগত বিবেকানন্দ নৌকা চিকিৎসালয় সেৱাৰ আজিৰে পৰা আনুষ্ঠানিকভাৱে মুকলি হৈছে।গহপুৰ সমষ্টিৰ দক্ষিনাঞ্চলৰ লগতে বিহপুৰীয়া আৰু বিহালী সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া ৰাইজক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াবৰ বাবে এই নৌকা চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে।

স্বেচ্চাসেৱী সংগঠন কৰুনা ট্ৰাষ্ট বৰঙাবাৰী শাখাৰ উদ্যোগত ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া ৰাইজৰ লগতে বানপানীৰ কৱলত পৰা অঞ্চলৰ ৰাইজক উপযুক্ত চিকিৎসা সেৱা প্ৰদানৰ বাবে নিৰ্মাণ কৰা নৌকা চিকিৎসালয়ৰ নাম হৈছে বিবেকানন্দ নৌকা চিকিৎসালয়।উক্ত নৌকা চিকিৎসালয়খনত চিকিৎসকে ৰোগী চোৱাৰ লগতে ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে। ঔষধালয়, লেবৰ'টৰী আদিৰ ব্যৱস্থা থকা বিবেকানন্দ নৌকা চিকিৎসালয়খনত প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰিব পৰা সুবিধাও উপলব্ধ কৰা আছে। স্বেচ্ছাসেৱী সংগঠন কৰুণা ট্ৰাষ্টৰ বৰঙাবাৰী শাখাৰ পৰিচালক অনুপ শৰ্মাই জানিব দিয়া মতে বিবেকানন্দ নৌকা চিকিৎসালয়ত চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰিব যদিও ৰোগী সকলে কিছু পৰিমানে ঔষধৰ দাম বহন কৰিব লাগিব।

উক্ত নৌকা চিকিৎসালয় গহপুৰ, বিহালী আৰু বিহপুৰীয়া সমষ্টিৰ নৈ পৰীয়া ৰাইজৰ বাবে উপলব্ধ হোৱাৰ লগতে সমষ্টি তিনিটাৰ সীমাৰ ভিতৰৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ সৰু সুৰা দ্বীপত বসবাস কৰাৰ ৰাইজকো চিকিৎসা সেৱা আগবঢ়াব। বানপীড়িত অঞ্চল সমূহলৈকো গৈ ৰাইজক চিকিৎসা সেৱা আগবঢ়াব বিবেকানন্দ নৌকা চিকিৎসালয়ে। নৌকা চিকিৎসালয়খনত দুগৰাকী চিকিৎসক, নাৰ্চ, লেবৰ'টৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আদি থাকিব। সংকটজনক ৰোগী অথবা প্ৰসূতি ৰাখিব পৰাকৈ দুটা কক্ষত দুখন বিচনা সংযোজন কৰা হৈছে চিকিৎসালয়খনত। ইয়াৰ উপৰিও নৌকা চিকিৎসালয় খনত অক্সিজেনৰ ব্যৱস্থা কৰাৰ লগতে জৰুৰী চিকিৎসা সেৱাৰ সংযোজন কৰা বুলিও অনুপ শৰ্মাই জানিবলৈ দিছে।আজি উক্ত চিকিৎসা সেৱাৰ আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ আৰু কৰুণা ট্ৰাষ্টৰ বাংগালুৰুৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডাঃ এইচ সুদৰ্শনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in