গোৱালপাৰাত ডিপিএমসহ ৯জনৰ দেহত কোভিড-১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলাত কোৰোনা ভাইৰাছে ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে পুনৰ জিলাখনত ৯গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২১৬ জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে শুকুৰবাৰে কোৰোনাত আক্ৰান্তৰ তালিকাত খোদ স্বাস্থ্য বিভাগৰ ডি পি এম-ৰ লগতে তেওঁৰ কন্যা আৰু ঘৰত বন কৰা ৫০ বছৰীয়া মহিলা এগৰাকী আছে।জিলাখনত এন এইচ এমৰ অধীনত নিযুক্ত ডি পি এম খুৰছেদ আলমে(৪০) কোভিড-১৯ বিৰুদ্ধে চলি থকা যুঁজত এগৰাকী দক্ষ বিষয়া হিচাপে দিনে-নিশাই দায়িত্ব পালন কৰি আহিছে।

কিন্তু শুকুৰবাৰে তেওঁৰ দেহত ঘাটক কোৰোনা পজিটিভ ধৰা পৰে।তদুপৰি বিষয়াগৰাকীৰ ৪বছৰীয়া কন্যা শ্বিৰীণ আৰৰিয়াহো কোৰোনাত সংক্ৰমিত হৈছে। একেদৰে বিষয়াগৰাকীৰ ভাৰাঘৰত কাম কৰা ৰাবিয়া বেগম(৫০) নামৰ মহিলাগৰাকীও এই ভাইৰাচত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে ডি পি এম খুৰছেদ আলমে গোৱালপাৰা চহৰৰ নয়াপাৰাৰ ভাৰাঘৰত সপৰিয়ালে বসবাস কৰে।শুক্ৰবাৰল আক্ৰান্তৰ তালিকাত থকা অন্যান্য লোক সকল হ'ল- ক্ৰমে বগুৱানৰ ৰিপন আলী(২), লক্ষীপুৰৰ আজিজুল হক(২২),শোলমাৰীৰ আব্দুল আলিম(২৫),পঞ্চৰত্নৰ ছুৰমান আলী (২১),ধনুভঙাৰ বিক্ৰমজিৎ বসুমতাৰী(৩৩) আৰু চঞ্জো ছত্ৰা(৩২)। প্ৰনিধানযোগ্য যে ডি পি এম খুৰছেদ আলমে কোৰোনাক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্বাস্থ্য বিভাগত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ লগত একেলগে ডি পি এমৰ কাৰ্যালয়। তদুপৰি স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি থকাৰ ফলত স্বাভাৱিকতেই স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে তেওঁৰ সংস্পৰ্শলৈ আহিছে। জানিব পৰা মতে ডি পি এম খুৰছেদ আলমক মাটিয়াৰ মডেল হাস্পতালত স্থাপন কৰা কভিড-১৯ চেণ্টাৰৰ আছুতীয়া কক্ষত ৰখা হৈছে।ইপিনে গোৱালপাৰাত থকা ১৫২ নং চি আৰ পি এফৰ শিবিৰত কোৰোনা ভাইৰাচে ভয়কৰ ৰূপত সংক্ৰমিত হৈছে।

স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰি কৰা মতে, গোৱালপাৰা চহৰৰ বেলটোলাত থকা ১২৫ নং চি আৰ পি এফৰ হেডকোৱাটাৰ আৰু ইয়াৰ আগিয়া-বালিজানাত থকা শিবিৰৰ ৬০শতাংশ জোৱানৰ দেহত কোৰোনা ভাইৰাচৰ অৱস্থিতি ধৰা পৰিছে।আক্ৰান্ত জোৱানসকলক কেম্পৰ ভিতৰতে আছুতীয়াকৈ ৰাখি চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী এজনৰ দেহতো কেইদিনমান পূৰ্বে কোৰোনা ভাইচৰ উপস্থিতি ধৰা পৰিছে।কৰ্মচাৰীজনৰ নাম হ'ল-বৈকুণ্ঠ বসুমতী (৫২)বুলি জানিব পৰা গৈছে।উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।পলমকৈ বিয়পি পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেহত ঘাটক কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ খবৰেও হাহাকাৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in