শেহতীয়া খবৰ
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী  •  মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...

স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু দেশ, গোৱালপাৰাৰ এগৰাকী ছহিদ অৱহেলিত হোৱাৰ অভিযোগ…

146

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সমগ্ৰ দেশজুৰি ৭৩ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰিবলৈ সাজু হৈছে। ভাৰতবৰ্ষই হেজাৰ হেজাৰ ছহিদৰ তেজৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল। দেশৰ স্বাধীনতাই ৭৩টা বছৰ অতিক্ৰম কৰাৰ পিছতো একাংশ ছহিদক আজিও দেশখনে সঠিক সন্মান দিয়াত ব্যৰ্থ হৈছে।এক কথাত কবলৈ গ’লে মহান ছহিদসকলকলৈও বৈষম্য কৰা পৰিলক্ষিত হয়। তাৰে এক উদাহৰণ হ’ল ছহিদ নিধানুৰাম ৰাজবংশী।

১৯৪২ চনৰ ৫ নৱেম্বৰৰ ঘটনা। গোৱালপাৰা জিলাৰ বলবলাৰ কোকিৰা-কালপানী গাঁৱৰ মাত্ৰ ২৮ টা বসন্ত অতিক্ৰম কৰা এজন চফল ডেকা নিধানুৰাম ৰাজবংশীয়ে ব্ৰিটিছে অন্যায়ভাৱে আৰোপ কৰা পাইকাৰী জৰিমনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ব্ৰিটিছ সেনাৰ গুলীত আৰু বেয়নেটৰ খোঁচা বুকুত লৈ দেশবাসীক দেখুৱাই গৈছিল বীৰত্বৰ অপূৰ্ণ চানেকী। এইগৰাকীয়েই হ’ল অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা যুদ্ধৰ একমাত্ৰ ছহিদ।

ছহিদ নিধানুৰ মৃত্যুৰ ঘটনাই পাইকাৰী জৰিমনাৰ বিৰুদ্ধে বিক্ষোভ তীব্ৰতৰ হৈ উঠিছিল। ফলত ব্ৰিটিছ চৰকাৰে পাইকাৰী জৰিমনা বন্ধ কৰিবলৈ বাধ্য হৈছিল। এই মহান ছহিদগৰাকীৰ গৌৰৱ গাথাঁ আজিও স্বাধীনতাৰ ইতিহাসত সঠিকভাৱে আলোকপাত কৰা হোৱা নাই। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আজি ৭৩ বছৰ পিছতো ছহিদগৰাকীৰ স্মৃতিত কোনো এটা সৌধ গঢ়া নহ’ল।

চৰকাৰখনে ১৯৬৬ চনত ছহিদ পৰিয়ালৰ হাতত কেৱল তাম্ৰপত্ৰ প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে। কালপানী গাঁৱত থকা ছহিদ স্তম্ভটো ভাৰতৰ স্বাধীনতাৰ সোণালী জয়ন্তীবৰ্ষত প্ৰাক্তন বিধায়ক প্ৰয়াত মহম্মদ আলীৰ একমাত্ৰ প্ৰচেষ্টাৰ ফলতহে নিৰ্মাণ হৈছিল। আটাইতকৈ পৰিতাপৰ কথা হ’ল যে- বলবলাৰ পৰা হাতীগাঁৱলৈ যোৱা গড়কাপ্তানি পথছোৱা ইতিপূৰ্বে ছহিদগৰাকীৰ নামত উচৰ্গা কৰাৰ পিছতো আজিলৈ চৰকাৰীভাৱে এই নাম গৃহীত নহ’ল। ফলত জিলাবাসীয়ে নিধানুৰাম গোৱালপাৰা জিলাৰ ছহিদ হোৱাৰ বাবেই অবহেলিত হৈ আহিছে বুলি ভাবিবলৈ বাধ্য হৈছে।

ইফালে বহু বছৰে জিলাবাসীয়ে ছহিদগৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰা, ছহিদগৰাকীৰ নামত এখন উদ্যান স্থাপন কৰা, গোৱালপাৰা চহৰত অৱস্থিত গান্ধী ময়দানৰ উদ্যানখনত ছহিদগৰাকীৰ সৎকাৰ কৰা ঠাই হিচাপে এখন ফলক দিয়াৰ লগতে ৰাজ্য চৰকাৰখনক ছহিদগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি