সৰস্বতী দেৱীৰ ১৫টা প্ৰতিমা জিনাৰি নৈত বিসৰ্জন, VIDEO

সৰস্বতী দেৱীৰ ১৫টা প্ৰতিমা জিনাৰি নৈত বিসৰ্জন, VIDEO

ডিজিটেল সংবাদ, গোৱালপাৰাঃ বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজাৰ উচাহ-উদ্দীপনা আজিও অটুত আছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী হাৰিমুৰাত৷ হাৰিমুৰাত পৰম্পৰা নীতি অনুসৰি সোমবাৰে সৰস্বতী দেৱীৰ প্ৰতিমা এক উৎসৱমূখৰ পৰিৱেশেৰে হাৰিমুৰা জিনাৰি নৈত বিসৰ্জন দিয়া হয়৷

হাৰিমুৰা অঞ্চলত থকা হাৰিমুৰা লাল বাহাদুৰ শাস্ত্ৰী হাই, এম ই স্কুল, হাৰিমুৰা প্ৰাথমিক বিদ্যালয়, পাখিৰিগুৰী, ফটৰীপাৰা, ঘোৰাপোটা, বৰজুলি, হাৰিমুৰা উদয়পুৰ আদিৰ শিক্ষানুষ্ঠান, ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানত কৰা সৰস্বতী পূজাৰ প্ৰায় ১৫ টা দেৱীৰ প্ৰতিমা ছাত্ৰ-ছাত্ৰী তথা ডেকা-গাভৰু, বয়জ্যেষ্ঠ লোক সকলে গাঁৱৰ মাজেৰে সমদল কৰি সীমাহীন আনন্দ-ফূৰ্তিৰে জিনাৰি নৈত বিসৰ্জন দিয়ে৷ বিসৰ্জনক লৈ হাৰিমুৰাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in