গোৱালপাৰাৰ উন্নতি নহ’লে, গুৱাহাটীৰ উন্নয়ন হ’লে অসমৰ উন্নতি নহয়ঃ গোৱালপাৰাত মন্ত্ৰী পীয়ূষ হাজৰিকা

গোৱালপাৰাৰ উন্নতি নহ’লে, গুৱাহাটীৰ উন্নয়ন হ’লে অসমৰ উন্নতি নহয়ঃ গোৱালপাৰাত মন্ত্ৰী পীয়ূষ হাজৰিকা

ডিজিটেল সংবাদ, গোৱালপাৰাঃ 'গোৱালপাৰাৰ উন্নতি নহ'লে, গুৱাহাটীৰ উন্নয়ন হ'লে অসমৰ উন্নতি নহয়, স্বাস্থ্য আৰু শিক্ষা অবিহনে অসমীয়া জাতি দুৰ্বল হৈ পৰিব'-এই মন্তব্য অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ(ৰাজ্যিক)মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত সোমবাৰে পুৱা প্ৰায় ১১ বজাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ চেন্টাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই এইদৰে এখন জনসভাক সম্বোধন কৰি ভাষণ দিয়ে।

গোৱালপাৰা অসামৰিক চিকিৎসালয়খনৰ প্ৰাংগনত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক নীল মাধৱ দাসৰ দ্বাৰা সঞ্চালিত হোৱা সভাখনত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিজেপি চৰাকাৰে স্বাস্থ্য খণ্ডত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় -'আজিৰে পৰা চিকিৎসালয়ত সংযোজিত ডায়েলাইচিছ চেন্টাৰটো ৰাজ্যখনৰ ভিতৰত ১৩ সংখ্যক। ইতিমধ্যে ৰাজ্যখনত বিনামূলীয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ চেন্টাৰৰ জৰিয়তে ছমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনত আঠ হেজাৰোধিক বৃক্ক ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলাইচিছ কৰি উপকৃত হৈছে। দৰিদ্ৰ বৃক্ক ৰোগীসকলৰ বাবে বৃক্ক ডায়েলাইচিছ কৰাটো ব্যয়বহুল আৰু এক জটিল প্ৰক্ৰিয়া। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ বৃক্ক ৰোগীসকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত ৰাজ্যখনৰ চিকিৎসা খণ্ডত এই অভিলাষী আঁচনি হাতত লৈছে। আশা কৰো এই আঁচনিখনে গোৱালপাৰা জিলাবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক উপকৃত কৰিব। আগত দহ দিনৰ ভিতৰত ধুবুৰীৰ চিকিৎসালয়তো ডায়েলাইচিছ চেন্টাৰ উদ্বোধন কৰা হ'ব'।

মন্ত্ৰী হাজৰিকাই আৰু কয় যে, দৰিদ্ৰ জনতাক সহায় আৰু সকাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ লগতে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত 'অটল অমৃত যোজনা আঁচনি'ৰ জৰিয়তে অসমৰ ৯২ শতাংশ লোকক সামৰা হৈছে। চৰকাৰে প্ৰথমে ছটাকৈ নিৰ্দিষ্ট ৰোগৰ ক্ষেত্ৰত বছৰি দুই লাখ টকা চিকিৎসা ব্যয় বহণ কৰি ৰাইজক সেৱা আগবঢ়াইছে। এই আঁচনিখনৰ বাবে সমগ্ৰ দেশত মুঠ ৫২খন চৰকাৰী আৰু বেচৰকাৰী হাস্পতালৰ লগত চুক্তি কৰা হৈছে। সম্প্ৰতি এই আঁচনিখনত দুৰ্ঘটনাকে ধৰি আই চি ইউত ভৰ্তি কৰিবলগীয়া ৰোগীৰ লগতে আন ছটা ৰোগ সংযুক্ত কৰি দৰিদ্ৰ ৰাইজক অধিক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। তদ্ৰুপভাৱে আয়ুস্মান কাৰ্ডৰ জৰিয়তেও ৰাইজৰ সেৱা কৰা হৈছে বুলি তেওঁ খতিয়ান দিয়ে।

আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতিটো জাতি-জনগোষ্ঠীৰ উন্নয়নত সমানে গুৰুত্ব আৰোপ কৰি কাম কৰিছে। ৰাজ্যখনৰ নগৰসমূহৰ সমভাৱে উন্নতি সাধিবলৈ বিভিন্ন উন্নয়নমূলক আঁচনিও হাতত লৈছে বুলি উল্লেখ্য কৰে। স্বাস্থ্য আৰু শিক্ষা অবিহনে অসমীয়া জাতি দুৰ্বল হৈ পৰিব বুলি মন্ত্ৰী হাজৰিকাই তাৎপৰ্যমূলক মন্তব্য কৰে জনসভাত। মন্ত্ৰীজনে জনসভাৰ ভাষণ সামৰি জলেশ্বৰৰ নৱনিৰ্মিত আদৰ্শ চিকিৎসালয়খন উদ্বোধন কৰিবলৈ জলেশ্বৰলৈ গমন কৰে। জানিব পৰা মতে দুপৰীয়া এক বজাত পীয়ূষ হাজৰিকাই আদৰ্শ চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে। সোমবাৰৰ জনসভাত দুধনৈ আৰু পূব গোৱালপাৰা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে দীপক কুমাৰ ৰাভা আৰু এ কে ৰছিদৰ লগতে জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি হিমাদ্ৰী দাস, চিকিৎসালয়ৰ অধীক্ষক ডাঃ শ্যমলেন্দুকে ধৰি বহু গন্য-মান্য স্থানীয় ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in