কণ কণ শিক্ষাৰ্থীৰ জীৱনক লৈ খেলা! গোৱালপাৰাত পাঠদানৰ মাজতে শিক্ষয়িত্ৰীসহ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক তলা মাৰি আৱদ্ধ…

কণ কণ শিক্ষাৰ্থীৰ জীৱনক লৈ খেলা! গোৱালপাৰাত পাঠদানৰ মাজতে শিক্ষয়িত্ৰীসহ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক তলা মাৰি আৱদ্ধ…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ বালিজানা শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয় এখনত সোমবাৰে পাঠদান প্ৰক্ৰিয়া চলি থকা অৱস্থাতে স্থানীয় উদণ্ড যুৱক এজনে প্ৰধান শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীক বহু সময় ধৰি তলা মাৰি বিদ্যালয়খনৰ শ্ৰেণীকোঠাত আৱদ্ধ কৰি ৰাখে। এই ঘটনাই বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক আতংকিত কৰাৰ লগতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাত জড়িত অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত বিদ্যালয় প্ৰধান আৰু ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় বগুৱান আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি কৰে। কিন্তু আৰক্ষীয়ে অপৰাধীক ৰহস্যজনক কাৰণত অদ্যপি গ্ৰেপ্তাৰ কৰা নাই।

ঘটনাৰ বিৱৰণী মতে, পশ্চিম গোৱালপাৰাৰ পাখৰীটাৰী প্ৰাথমিক বিদ্যালয়ত সোমবাৰে পুৱা ১১ মান বজাত পাঠদান প্ৰক্ৰিয়া চলি থকা অৱস্থাত অঞ্চলটোত সঘনে অশান্তি সৃষ্টি কৰি অহা আব্দুল্লা নামৰ উদণ্ড প্ৰকৃতিৰ যুৱকজনে বলপূৰ্বক প্ৰৱেশ কৰে। বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰিয়েই অভিযুক্তই শিক্ষয়িত্ৰীগৰাকীক পাঠদান কৰি থকা অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত বিভিন্ন অশ্ৰাৱ্য গালি-গালাজ কৰি হুলস্থুলৰ সৃষ্টি কৰে। এনেকি প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক দাবী-ধমকি দি পাঠদান বন্ধ কৰাৰ লগতে শেণীকোঠাৰ দুৱাৰত তলা মাৰি শিক্ষয়িত্ৰীগৰাকীৰ সৈতে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক ভিতৰত বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে।

গুণ্ডা প্ৰকৃতিৰ যুৱকজনে বিদ্যালয়খনত অকস্মাৎ বলপূৰ্বক প্ৰৱেশ কৰি এইদৰে তলা মাৰি আবদ্ধ কৰি ৰখাত ছাত্ৰ-ছাত্ৰীসকল ভয়ত পেঁপুৱা লাগে। স্থানীয় সচেতন ৰাইজে প্ৰধান শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীসকলক তলা ভাঙিহে উদ্ধাৰ কৰে। ইয়াৰ পিছতে প্ৰধান শিক্ষয়িত্ৰীসহ বিদ্যালয়খনৰ অৰ্ধ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত বগুৱান আৰক্ষী থানা ঘেৰাও কৰি উত্তপ্ত কৰি তোলে।

ঘটনা সংক্ৰান্তত অভিযুক্ত আব্দুল্লাৰ বিৰুদ্ধে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বগুৱান আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে। কিন্তু আৰক্ষীয়ে অপৰাধীক ৰহস্যজনক কাৰণত অদ্যপি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। অপৰাধী গুণ্ডা প্ৰকৃতিৰ যুৱকজনক ৰক্ষণাবেক্ষণ দিবলৈ স্থানীয় তথাকথিত ৰাজনৈতিক নেতা এজনে উঠিপৰি লগাৰো অভিযোগ উঠিছে। উল্লেখ্য যে, আব্দুল্লা নামৰ এইজন উদণ্ড যুৱকে সঘনাই অঞ্চলটোত বিভিন্ন অসামাজিক কাম আৰু দাবী-ধমকিৰে ৰাইজক অতীষ্ঠ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in