গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড! ৩ সন্তানৰ মাতৃক মৰিয়াই হত্যা কৰিলে স্বামীৰ পৰিয়ালে, গ্ৰেপ্তাৰ ৪ অভিযুক্ত…

গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড! ৩ সন্তানৰ মাতৃক মৰিয়াই হত্যা কৰিলে স্বামীৰ পৰিয়ালে, গ্ৰেপ্তাৰ ৪ অভিযুক্ত…

ডিজিটেল সংবাদ, গোৱালপাৰা: বুধবাৰে গোৱালপাৰাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। অভিযোগ মতে গোৱালপাৰাৰ জিলাৰ মৰনৈ থানাৰ অন্তর্গত হেলাপাখৰীত বুধবাৰে তিনি সন্তানৰ মাতৃক স্বামী পৰিয়ালৰ লোকে নিষ্ঠুৰতাৰে মৰিয়াই মৰিয়াই হত্যা কৰিছে। নিহত মহিলা গৰাকীৰ নাম আনিছা খাতুন।

ঘটনা সন্দৰ্ভত নিহত আনিছাৰ ভাতৃয়ে জনোৱা মতে, ডেকধোৱাৰ ছায়েদ আলীৰ কন্যা আনিছা খাতুনক প্ৰায় ছবছৰ পুৰ্বে ওচৰতে থকা হেলাপাখৰীৰ আমিন আলীৰ পুত্ৰ ৰেজাউল ইছলামৰ লগত সামাজিক ৰীতি-নীতি অনুসৰি বিয়া দিছিল। কিন্তু বিয়াৰ পিছৰে পৰা স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত আনিছাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে বুলি অভিযোগত প্ৰকাশ।

অভিযোগ অনুসৰি যৌতুকৰ টকা নানিলেই বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল যদিও সংসাৰ কৰাৰ স্বাৰ্থত আনিছাই অত্যাচাৰ নীৰৱে সহ্য কৰি গৈছিল ।ইয়াৰ মাজতে আনিছাৰ সংসাৰত তিনিটাকৈ সন্তানৰ জন্ম হয়। অভিযোগ মতে মঙলবাৰৰ নিশা আনুমানিক ১২ বজাৰ পিছত আনিছাৰ স্বামী ৰেজাউল হকে শশুৰেক আমিন আলী,স্বামীৰ দুই ভাতৃ ক্ৰমে ৰফিকুল ইছলাম আৰু জিয়াৰুল ইছলাম আৰু শাহু আই ৰেজিয়া খাতুনে মিলি তিনি সন্তানৰ মাতৃ আনিছা খাতুনক মৰিয়াই মৰিয়াই হত্যা কৰে।

বুধবাৰে পুৱাৰ ভাগত আনিছাৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিয়াৰ পিছতহে আনিছাৰ পিতৃৰ পৰিয়ালে খবৰ পায়। কিন্তু পিতৃৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত উপস্থিত হোৱাৰ পুৰ্বেই আনিছাৰ স্বামীৰ পৰিয়ালে পলায়ন কৰে।পাছত আৰক্ষীয়ে আনিছাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পিতৃৰ পৰিয়ালক চমজাই দিয়ে ।

ইফালে, মৰনৈ আৰক্ষীয়ে আনিছাৰ হত্যাৰ সন্দেহত মৃত আনিছাৰ স্বামী ৰেজাউল ইছলাম ,শশুৰেক আমিন আলী, স্বামীৰ দুই ভাতৃ ক্ৰমে ৰফিকুল ইছলাম আৰু জিয়াৰুল ইছলামক সোধ-পোছৰ বাবে আটক কৰি থানালৈ আনে। পাছত আনিছাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত এই ৪ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত অভিযুক্ত পৰিয়ালটোৰ ভাষ্য জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in