গাত ৰ’দ-বৰষুণ নপৰা গোৱালপাৰাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী, চৰকাৰী বন্ধতো কাৰ্যালয়ত পালন কৰে কৰ্তব্য…

গাত ৰ’দ-বৰষুণ নপৰা গোৱালপাৰাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী, চৰকাৰী বন্ধতো কাৰ্যালয়ত পালন কৰে কৰ্তব্য…

ডিজিটেল সংবাদ, গোৱালপাৰা: যি সময়ত একাংশ চৰকাৰী কৰ্মচাৰীৰ অকৰ্ম সংস্কৃতিয়ে বিভাগসমূহক বদনামী কৰি আহিছে, সেই সময়তে গোৱালপাৰাৰ এগৰাকী নিষ্ঠাবান আৰু দায়িত্বশীল চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতি দেখিলে আপোনাৰো মূৰ দোখাই পৰিব। চৰকাৰী বন্ধ বা দেওবাৰ বুলি কোনো কথা নাই। দিন বা ৰাতিৰো নাই প্ৰভেদ। এক কথাত ক'বলৈ গ'লে গাত ৰ'দ-বৰষুণ নপৰে এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ। বিভাগীয় অতিৰিক্ত কামৰ বোজা থাকিলে ধুমুহা-ঢেৰেকনিৰ মাজতো বন্ধৰ দিনত অকলশৰে নিজ কাৰ্যালয়ৰ কোঠাত বহি নিশা দুপৰলৈকে একান্তমনে নিজৰ দায়িত্ব পালন কৰে,যাতে তেওঁৰ বাবে ৰাইজখনে কষ্ট ভোগ নকৰে বা বিভাগটো বদনামী নহয়।

গাত ৰ'দ-বৰষুণ নপৰা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ নাম হ'ল- আলী মুনিব বীন মেহদী‌। গোৱালপাৰা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ গাণনিক পদত কৰ্মৰত এইগৰাকী কৰ্মসংস্কৃতিবান তথা আদৰ্শবান চৰকাৰী কৰ্মচাৰীজনক আজি‌ দেওবাৰৰ ওৰে দিনটো কাৰ্যালয়ৰ নিমাওমাও পৰিবেশত একান্ত মনে নিজৰ দায়িত্ব পালন কৰি থকা ব্যতিক্ৰমী অৱস্থাত দেখিবলৈ পোৱা গৈছে। ৮ জানুৱাৰীৰ দ্বিতীয় শনিবাৰৰ চৰকাৰী বন্ধটো তেওঁক সন্ধিয়া অকলসৰে কাৰ্যালয়ত কাম কৰি থকা প্ৰত্যক্ষ কৰিছিল এই প্ৰতিবেদকে ৰাষ্ট্ৰীয় অন্ধতা আঁচনিৰ বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত।

জানিব পৰা মতে, এইদৰে চৰকাৰী বন্ধৰ দিনত কাৰ্যালয়ত অকলসৰে কাম কৰাটো তেওঁৰ বাবে তেনেই সাধাৰণ কথা।বিভাগে অতিৰিক্ত কামৰ বোজা দিলে বতাহ-বৰষুণৰ মাজতো কাৰ্যালয়ত দুপৰ নিশালৈকে কাম কৰি শেষ কৰে।এনে দায়িত্বশীল আৰু আদৰ্শ কৰ্মসংস্কৃতিৰ বাবে তেওঁ সকলোৰে মাজত 'মুনিব চাৰ' হিচাপে পৰিচিত।তেওঁ কাৰ্যালয়টোৰ গাণনিকৰ পদৰ দায়িত্ব পালন কৰাৰ সামন্তৰালভাৱে তেওঁ স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু কেইবাটাও বিভাগীয় অতিৰিক্ত দায়িত্ব তেওঁ সুচাৰুৰূপে পালন কৰি আহিছে।

ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় অন্ধতা আঁচনি আৰু জন্ম-মৃত্যুৰ অসামৰিক পঞ্জীয়নৰ বিভাগীয় দায়িত্ব। তেওঁৰ কাৰ্যালয়তে কৰ্মৰত কণিষ্ঠ কৰ্মচাৰী এজনক তেওঁৰ কৰ্মসংস্কৃতিৰ বিষয়ে সোধাত তেওঁ কয়- 'কেতিয়াও কামৰ বোজাক বোজা বুলি নভবা আৰু দুখ-ভাগৰ নলগা মুনিব চাৰ এই পৃথিৱীৰ নহয়, মঙ্গল গ্ৰহৰ প্ৰাণী তেওঁ'।খন্তেক সময়ৰ ভিতৰতে যিকোনো লোককে সহজে আপোন কৰি লোৱা নিকা ভাৱমূৰ্তিৰ 'মুনিব চাৰ' চলিত বৰ্ষৰ অক্টোবৰ মাহত অৱসৰ গ্ৰহণ কৰিব বুলি কণিষ্ঠ কৰ্মচাৰীজনে জানিব দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in