গোৱালপাৰা আছুৰ ৰণহুংকাৰ, ‘নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ২০২১ত বিজেপি চৰকাৰ ওফৰাই দিম’

গোৱালপাৰা আছুৰ ৰণহুংকাৰ, ‘নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ২০২১ত বিজেপি চৰকাৰ ওফৰাই দিম’

ডিজিটেল সংবাদ, গোৱালপাৰাঃ 'আমি ভাগৰা নাই। সৰ্বা আৰু নৰেন্দ্ৰ মোডীৰ চৰকাৰে অসম তথা ভাৰতবৰ্ষক নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি এই ক'লা আইন জাপি দিছে। অসমীয়া ভাষা-সংস্কৃতি ধ্বংস কৰা এই আইন সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে মানি লোৱা নাই, নামেনে আৰু গাত শেষ টোপাল তেজ থকালৈকে কাহানিও নামানে। চৰকাৰে এই আইন বাতিল কৰিবই লাগিব। ক'লা আইনখন বাতিল নকৰিলে অহা ২০২১ চনৰ নিৰ্বাচনত আমি বিজেপি চৰকাৰ ওফৰাই দিম'-এই ৰণহুংকাৰ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ।

ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত স্থানীয় দল-সংগঠনসমূহৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছুৰ সভাপতি অভিজিত নাথে এইদৰে বিজেপি চৰকাৰক কঠোৰ সকিয়নি দি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সৰব হৈ পৰে। তেওঁ আৰু কয়, 'দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। আমি ন্যায়ালয়ৰ পৰা ভাল ফল পাম বুলি আশা কৰিছো। ন্যায়ালয়ে এই আইনখনৰ গোচৰৰ শেহতীয়া শুনানিত অসম-ত্ৰিপুৰাৰ ক্ষেত্ৰত সুকীয়াকৈ শুনানি ল'ব বুলি কৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে একে সময়তে আইনখন বাতিলৰ বাবে যিধৰণৰ ব্যৱস্থা ল'ব লাগিছিল, লোৱা নাই। বৰং উভয় চৰকাৰে বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতি চলাই সমাজত বিভাজন আনিব বিচাৰিছে। অসমৰ ৰাইজে এনে ৰাজনীতিত কেতিয়াও যে ভোল নাযায় সেই কথা স্পষ্ট। চৰকাৰে এই আইন অতি শীঘ্ৰেই বাতিল কৰক। অন্যথা অসমৰ ৰাইজে অহা নিৰ্বাচনত চৰকাৰ ওফৰাই যে দি সেয়া নিশ্চিত। উল্লেখ্য যে, শনিবাৰে দুপৰীয়া ১২ বজাৰ পৰা ১ বজালৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছুকে ধৰি স্থানীয় দল-সংগঠনৰ শতাধিক নেতা-কৰ্মীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লোৱা দুঘন্টীয়া অৱস্থান ধৰ্মঘটত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, 'কা' আমি নামানো, সৰ্বানন্দ-নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, আহ ঐ আহা ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, ছাত্ৰ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই, তুমি যদি অসমীয়া আমাৰ লগত যোগ দিয়া, 'কা' বাতিল কৰক, জয় আই অসম আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শনিবাৰে এই প্ৰতিবাদী অৱস্থান ধৰ্মঘটত চহৰৰ একাংশ জ্যেষ্ঠ নাগৰিক আৰু গোৱালপাৰা পলিটেকনিকৰ একাংশ ছাত্ৰও অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আছুৰ কেন্দ্ৰীয় সাংগাঠনি সম্পাদক জিতুমণি ভূঞাইও প্ৰতিবাদত অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in