শেহতীয়া খবৰ
১৫/২০ দিন পূৰ্বেই হত্যা কৰা গঁড়ৰ মৃতদেহ উদ্ধাৰঃ বুধবাৰেও নিশা কাজিৰঙাত শুনিবলৈ পাইছিল গুলীৰ শব্দ...  •  বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...

গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাৰ বলবলাৰ গধাৰবড়িত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ইয়ন আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত শিশুসহ কমেও ৫জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাক লৈ ঘটনাস্থলীত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ।

এই ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ নম্বৰ ক্ৰমে এএছ ০১ ডিইউ ১৪২৬ আৰু এএছ ২৩ এম ৬৫০১। ঘটনাস্থলীত ইতিমধ্যে স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈছে। স্থানীয় লোকৰ অভিযোগ যে এঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্সৰ লগতে আৰক্ষীৰ লোক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি