গোৱালপাৰাত পথ দুৰ্ঘটনাত ৩জন আহত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ শালপাৰাত বৃহস্পতিবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক ৷

জানিব পৰা মতে, নিশা এজন পথচাৰীক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শালপাৰা অভিমুখে গৈ থকাৰ সময়তে দুধনৈৰ পৰা কৃষ্ণাই অভিমুখী এখন তীব্ৰ বেগী বাইকে খুন্দা মাৰে ৷ ফলত বাইকত থকা দুই আৰোহীসহ পথচাৰী লোকজন পথৰ দাতিত ছিটিকি পৰাৰ লগতে বাইকখন চূৰ্ণ-বিচূৰ্ণ হয় ৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ অতি সংটকজনক অৱস্থাত দুজন লোকক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বাইক আৰোহী এজনক কৃষ্ণাইৰ আশুডুবীৰ দেবু কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে যদিও আন দুজনৰ পৰিচয় জানিব পৰা নাই ৷

দেবু কৰ্মকাৰ আৰু পথচাৰী লোকজনৰ অৱস্থা অতি সংকটজনক হোৱা বাবে নিশাই চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in