বিশ্ব শিশু দিৱসৰ দিনটোত নীলা ৰঙেৰে আলোকিত হ’ব গান্ধী মণ্ডপ আৰু ৰ’পৱে টাৰ্মিনেল…

বিশ্ব শিশু দিৱসৰ দিনটোত নীলা ৰঙেৰে আলোকিত হ’ব গান্ধী মণ্ডপ আৰু ৰ’পৱে টাৰ্মিনেল…

ডিজিটেল ডেস্ক :গান্ধী মণ্ডৱৰ লগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু উত্তৰ দুয়োপাৰে সংযোগী ৰ'পৱে টাৰ্মিনেল ভৱনটো বিশ্ব শিশু দিৱসৰ দিনা শুক্ৰবাৰে সন্ধিয়া নীলা হৈ পৰিব। বিশ্ব শিশু দিৱসৰ সৈতে সংগতি ৰাখি ৰ'পৱে টাৰ্মিনেল আৰু গান্ধী মাণ্ডপে 'গো ব্লু' অভিযানৰ চিহ্ন হিচাপে নীলা হৈ পৰিব।

শিশু অধিকাৰ আৰু শিশুৰ জীৱনৰ ওপৰত কোভিড-১৯ৰ প্ৰভাৱৰ সৈতে সংগতি ৰাখি গুৱাহাটী আৰু আৰু বিশ্বৰ অন্যান্য বিশেষ স্থানৰ লগতে সৈতে গুৱাহাটীৰ দুয়োটা স্থান নীলা ৰঙেৰে আলোকিত হৈ পৰিব বুলি জানিব দিয়ে ইউনিছেফ অসমে। 'গো ব্লু' অভিযানৰ অংশ হিচাপে শুক্ৰবাৰে নীলা ৰঙেৰে ৰঙীন হ'ব লগা আন স্থানবোৰ হৈছে ৰাষ্ট্ৰপতি ভৱন, কুতুব মিনাৰ, ইণ্ডিয়া গেট আৰু গেটৱে অফ ইণ্ডিয়া।

ইউনিছেফ আৰু জিএমডিএ একলগ হৈ গান্ধী মণ্ডপ ব্লু অভিযানৰ অংশ হিচাপে ৰূপান্তৰ কৰিছে। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচৰ্যই ২০ নৱেম্বৰৰ বিয়লি ৫ বজাত গান্ধী মণ্ডপত এই অভিযানত অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানিকভাৱে 'গো ব্লু' অভিযান আৰম্ভ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in