জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ… VIDEO

জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ… VIDEO

ডিজিটেল ডেস্কঃ হঠাৎ জিএমচিএইচত লাগিল হাঁহাকাৰ। কোৰোনা ৰোগীৰ পৰিচৰ্যা কৰি থকা এগৰাকী স্বাস্থ্য কৰ্মী আকস্মিকভাৱে পৰি গ'ল মজিয়াত। সংজ্ঞাহীন হৈ পৰা সেই নাৰ্ছগৰাকী আছিল কোৰোনা যুদ্ধৰ অন্যতম মহাযোদ্ধা।

তাৰপাছত তেওঁক সহকৰ্মীসকলে তুলি ধৰি পৰিচৰ্যা কৰিলে। যি দৃশ্য বন্দী হ'ল কেমেৰাত। ঘন্টাৰ পাছত ঘন্টা ধৰি পিপিই কিট পৰিধান কৰি থকাতো সাধাৰণ কথা নহয়। ৮-৯ ঘন্টা ধৰি পিপিই কিট পৰিধান কৰি আছিল এইগৰাকী নাৰ্ছে।

কোৰোনাৰ যুঁজত এইদৰে এতিয়া অৱতীৰ্ণ হ'ব লগা হৈছে চিকিৎসক তথা আন চিকিৎসা কৰ্মীসকল। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁলোকে আগবঢ়াইছে এইদৰে সেৱা। এই সেৱাৰ তুলনা নাই। চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক সেয়েহে কোৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিগ বি অমিতাভ বচ্চনেও আখ্যা দিছে দ্বিতীয় ভগৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in