শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

গ্লোবেল হংগাৰ ইণ্ডেক্সঃ ১১৬ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১..

ডিজিটেল ডেস্কঃ ভোকাতুৰৰ দেশ ভাৰত ! গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২১ ৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে এতিয়া এই বিষয়ে চৰ্চা আৰম্ভ হৈছে। ১১৬ খন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে ১০১ নং স্থানত। এই অনুসৰি পূৰ্বতকৈ ভাৰতত ভোকৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। কিয়নো ২০২০ চনত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৯৪।

গ্লোবেল হাংগাৰ ইণ্ডেক্সে ভাৰতক ‘উদ্বেগজনক’ ভোকৰ শ্ৰেণীত তালিকাভুক্ত কৰিছে। মনকৰিবলগীয়া যে ক্ষুধাৰ ক্ষেত্ৰত ভাৰত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, নেপাল, বাংলাদেশতকৈ পিছ পৰি আছে যদিও ভাৰতৰ চুবুৰীয়া দেশ নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তানক ভয়ংকৰ ক্ষুধাৰ শ্ৰেণীত ৰখা হৈছে, তথাপিও এই দেশবোৰে হাংগাৰ ইণ্ডেক্সত ভাৰততকৈ ভাল প্ৰদৰ্শন কৰিছে।

কংগ্ৰেছ নেতা কপিল চিব্বলে এই বিষয়টোত টুইট কৰি নৰেন্দ্ৰ মোডীৰ নেতৃ্ত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। তেওঁ চৰকাৰৰ দৰিদ্ৰতা দূৰীকৰণ, ক্ষুধা দূৰীকৰণ আৰু ভাৰতক এক বিশ্বশক্তি হিচাপে গঢ়ি তোলাৰ দাবীক তীব্ৰ কটাক্ষ কৰিছে।

গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ৱেবছাইটৰ তথ্য অনুসৰি চীন, কুৱেইট আৰু ব্ৰাজিলকে ধৰি মুঠ ১৮ খন দেশে এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। এই দেশবোৰৰ জি এইচ আই নম্বৰ ৫ তকৈ কম। ১১৬ খন দেশৰ এই তালিকাত মাত্ৰ ১৫ খন দেশ ভাৰততকৈ পিছ পৰি আছে। এই ১৫ খন দেশ হৈছে ক্ৰমে পাপুয়া নিউ গিনি (১০২), আফগানিস্তান (১০৩), নাইজেৰিয়া (১০৪), কঙ্গো (১০৫), মোজাম্বিক (১০৬), চিয়েৰা লিয়ন (১০৬), তিমুৰ-লেষ্টে (১০৮), হাইতি (১০৯), লাইবেৰিয়া (১১০), মাদাগাস্কাৰ (১১১), ডেমক্ৰেটিক ৰিপাব্লিক অফ কঙ্গো (১১২), চাদ (১১৩), মধ্য আফ্ৰিকান গণৰাজ্য (১১৪), য়েমেন (১১৫) আৰু চোমালিয়া (১১৬)।

উল্লেখ্য যে ২০২০চনত, গ্লোবেল হাংগাৰ ইণ্ডেক্সে প্ৰকাশ কৰা এই একেখন তালিকাত ভাৰতে ১০৭ খন দেশৰ ভিতৰত ৯৪ সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ ১১৬ খন দেশৰ ভিতৰত ভাৰতে ১০১ নং স্থান দখল কৰিছে। কেৱল সেয়াই নহয়, ভাৰতৰ জি.এইচ.আই. স্ক’ৰো হ্ৰাস পাইছে। ২০০০ চনত ভাৰতৰ জি এইচ আই স্ক’ৰ আছিল ৩৮.৮।

২০১২-২০২১ বৰ্ষৰ ভিতৰত এই স্ক’ৰ ২৮.৮- ২৭.৫ লৈ হ্ৰাস পাইছে। জি.এইচ.আই. নম্বৰ চাৰিটা বিষয়ৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়। এইবোৰ হৈছে পুষ্টিহীনতা, শিশু ভেষ্টিং (পাঁচ বছৰৰ তলৰ শিশু যাৰ ওজন কম), শিশুৰ শাৰীৰিক গঠন ৰৈ যোৱা (পাঁচ বছৰৰ তলৰ শিশু যাৰ দৈৰ্ঘ্য কম) আৰু শিশু মৃত্যুৰ হাৰ (পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ)। প্ৰতিবেদন অনুসৰি, ১৯৯৮-২০০০ চনৰ ভিতৰত ভাৰতত শিশুৰ ভেষ্টিং ১৭.১ শতাংশ আছিল, যি ২০১৬ ৰ পৰা ২০২০ ৰ ভিতৰত বৃদ্ধি হৈ ১৭.৩ শতাংশ হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি