অসম-অৰুণাচল সীমান্তত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

অসম-অৰুণাচল সীমান্তত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় দজানত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্বাৰ হৈছে। ৰাজগড় আলিৰ অৰুণাচলৰ অংশৰ দজানৰ বন বিজ্ঞান কেন্দ্ৰৰ সমীপৰ হাবিত উদ্ধাৰ হৈছে মৃতদেহটো।

মৃতদেহটো দিল বাহাদুৰ অধিকাৰী আৰু পবিত্ৰা অধিকাৰীৰ কন্যাৰ বুলি জানিব পৰা গৈছে। বিদ্যালয়ৰ পৰা ঘূৰি অহাৰ পথত শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী। কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in