তেজপুৰৰ জি আই এম টিত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন…

তেজপুৰৰ জি আই এম টিত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন…

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী চমুকৈ জি আই এম টি, তেজপুৰত অহা ২০, ২১ আৰু ২২ জানুৱাৰী তাৰিখে এখনি তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত তথা কাৰিকৰী শিক্ষাৰ মানদণ্ড উন্নয়ন আঁচনিৰ অধীনত আয়োজিত অনুষ্ঠানটোৰ বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে 'বিজ্ঞান, কাৰিকৰী শিক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বহনক্ষম উন্নয়ন' (Science, Engineering and Technology for Sustainable Development)।

উক্ত কাৰ্যসূচীৰ বিষয়বস্তু সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সমগ্ৰ অসমভিত্তিক আয়োজন কৰা প্ৰতিযোগিতা সমূহৰ ভিতৰত আছে বিজ্ঞান ম'ডেল প্ৰতিযোগিতা (Science Model Competition), বহনক্ষম উন্নয়ন সম্পৰ্কত উদ্ভাৱনী আইডিয়া প্ৰদান প্ৰতিযোগিতা (Innovative Idea Presentation Competition) আৰু এখনি থিতাতে লিখা ৰচনা প্ৰতিযোগিতা (Essay Competition)।

বিজ্ঞান ম'ডেল প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকলৈকে ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। উদ্ভাৱনী আইডিয়া প্ৰদান প্ৰতিযোগিতাত বিজ্ঞান শাখাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিযান্ত্ৰিকৰ ডিগ্ৰী, ডিপ্ল'মা শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। থিতাতে লিখা ৰচনা প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰা হ'ব।

প্ৰথম শাখাত নৱম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল'ব পাৰিব। দ্বিতীয় শাখা অনুষ্ঠিত হ'ব স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত। বিজয়ী প্ৰতিযোগীক আকৰ্ষণীয় পুৰস্কাৰ, ধনৰাশি আৰু মানপত্ৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা তথা জি আই এম টি, তেজপুৰৰ সহকাৰী অধ্যাপক উদিত্য বৰায়ে জানিবলৈ দিছে।

প্ৰতিযোগিতা সমূহৰ নিয়মাৱলীৰ লগতে অংশগ্ৰহণৰ বাবে বিষদ তথ্য জানিবলৈ আগ্ৰহীসকলে ৮৬৩৮৯ ৭৩৮০০, ৭০০২০ ২০৫৭১ এই দুটা ফোন নম্বৰত বা ই-মেইল যোগে uditya.borah@gmail.com এই ঠিকনাত যোগাযোগ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in