গুৱাহাটী ৰে’লৱে ষ্টেচনত কোৰিয়ান চিগাৰেটসহ এজনক আটক

গুৱাহাটী ৰে’লৱে ষ্টেচনত কোৰিয়ান চিগাৰেটসহ এজনক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰৰ পল্টনবজাৰ ৰে'লৱে ষ্টেচনত শনিবাৰে পুৱা ৭ বজাত কোৰিয়ান চিগাৰেটসহ ৰেল আৰক্ষীয়ে এজনক আটক কৰে। ধৃত লোকজন তামিলনাডুৰ ৰংগস্বামী পনীৰ ছালভেম (৫৬) বুলি ৰে'ল আৰক্ষীয়ে জনায়। উল্লেখ্য যে, বিদেশী এই কোৰিয়ান চিগাৰেটখিনি ৰে'ল আৰক্ষীয়ে বাংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে বিক্ৰীৰ বাবে হাওৰালৈ লৈ অহা ধৃত লোকজনৰ পৰা আৰক্ষীয়ে ৪৬০ পেকেট কোৰিয়ান চিগাৰেট উদ্ধাৰ কৰে। ইফালে ৪৬০ পেকেট চিগাৰেটৰ ভিতৰত মুঠ ৯২ হাজাৰটা চিগাৰেট আছে। এই চিগাৰেটখিনিৰ বজাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫ লাখ টকা হ'ব বুলি ৰে'ল আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in