ভৰলুমুখত হোটেল কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা, ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ভৰলুমুখত হোটেল কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা, ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ভৰলুমুখত এগৰাকী হোটেলৰ কৰ্মচাৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে, ভৰলুমুখৰ ঋতুৰাজ হোটেলত দীৰ্ঘদিন ধৰি কৰ্মৰত ৰঙিয়াৰ ডিমুৰ হেমেন পাঠক নামৰ যুৱকজন পুৱতি নিশা ৪ বজাত হোটেলৰ ওপৰৰ চাদৰ ঘৰত চিপ লৈ থকা অৱস্থাত সহকৰ্মীয়ে প্ৰত্যক্ষ কৰে। তাৰপিছত সহকৰ্মী লোকে হোটেলৰ মালিকক খবৰ দিয়াত ভৰলুমুখ আৰক্ষী থানাক অৱগত কৰে।

ইফালে এই ঘটনাত মৃত হেমেন পাঠকৰ পৰিয়ালে ৰঙিয়াৰ ডিমুৰ বাসগৃহৰ পৰা মহানগৰীলৈ মৃত্যু খবৰ পাই উপস্থিত হয় যদিও আৰক্ষীয়ে পৰিয়ালৰ অজ্ঞাতে মৃত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে। আনহাতে এই ঘটনাত যুৱকৰ পৰিয়ালৰ লোকে হোটেলত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে উক্ত ঘটনাক পৰিকল্পিত হত্যা কাণ্ড বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

লগতে কোনো মানসিক অশান্তিত নথকা যুৱকজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে কোনো লোকে চেষ্টা চলোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। তদুপৰি অহা মাহত বিয়া হোৱাৰ কথা আছিল যুৱকজনৰ। ইফালে এই মৃত্যুৰ খবৰ পিছত আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত নকৰাত ক্ষুব্ধ হৈ পৰিয়ালৰ লোকসকলে ভৰলুমুখ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ বাব প্ৰস্তুতি চলোৱাৰ কথা সংবাদমাধ্যমক জনাইছে। ইফালে যৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি ভৰলুমুখ আৰক্ষী থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in