শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ’ব কোভিড-১৯ৰ ভেকচিন…

136

ডিজিটেল ডেস্কঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰতীকিৰূপে দিয়া হ’ব ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হ’ব এই ভেকচিনেচন কেম্প। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১০০ জন সাংবাদিকেহে প্ৰাৰম্ভিক পৰ্য্যায়ত ল’ব পাৰিব ভেকচিন।

বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ’ জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হ’ব। সেয়েহে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানলৈ অনুৰোধ যে প্ৰতিটো সংবাদ মাধ্যমৰ মাত্ৰ দুজন সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। ভেকচিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে co-win ,আৰোগ্য সেতু এপত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পঞ্জীয়নৰ নাম্বাৰটো গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নাম্বাৰলৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে, প্ৰতিজন সাংবাদিকে পৰিচয় পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ লৈ অহাটো বাধ্যতামূলক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি