বিশ্বাস কৰিবনে? মহানগৰীৰ গুলীচালনা ঘটনাক অস্বীকাৰ কৰি আৰক্ষীৰ দাবীঃ গুলী নহয়, মাৰ্ব’লৰ আঘাততহে ফুটিল মাংস দোকানৰ কাচৰ গ্লাছ…

বিশ্বাস কৰিবনে? মহানগৰীৰ গুলীচালনা ঘটনাক অস্বীকাৰ কৰি  আৰক্ষীৰ দাবীঃ গুলী নহয়, মাৰ্ব’লৰ আঘাততহে ফুটিল মাংস দোকানৰ কাচৰ গ্লাছ…

ডিজিটেল ডেস্কঃ মহানগৰীত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত গুলীবৰ্ষণৰ ঘটনা ৰহস্যৰ মাজত সোমাই পৰিছে। দুপৰীয়া প্ৰায় ১২.৩০ বজাত এই গুলীবৰ্ষণ সংঘটিত হোৱা বুলি দাবী কৰিছে আনছাৰী মীট শ্ব'পৰ স্বত্তাধিকাৰীয়ে।

নুনমাটিৰ বন্দনা চিনেমা হলৰ সমীপত থকা এই মাংস দোকানখনত সেই সময়ত উপস্থিত আছিল স্বত্তাধিকাৰী জব্বৰ আনছাৰী। এই ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

দোকানখনৰ সন্মুখৰ ভাগত থকা এখন গ্লাছত লাগিছে এই গুলী। ভিতৰৰ নে বাহিৰৰ ফালৰ পৰা গুলীবৰ্ষণ হৈছিল সেয়াও এতিয়া স্পষ্ট হোৱা নাই। কি পৰিস্থিতিত এই গুলীবৰ্ষণ সংঘটিত হ'ল সেই সন্দৰ্ভত সোধ-পোছ কৰিবলৈ আৰক্ষীয়ে নুনমাটি থানালৈ লৈ গৈছে দোকানখনৰ স্বত্তাধিকাৰীক।

পূৰ্বতে কোনো ভাবুকি লাভ কৰিছিল নেকি জব্বৰ আনছাৰীৰ পুত্ৰক সোধাত ঘটনা সন্দৰ্ভত তেওঁ কয় যে, সেই সময়ত দোকানত দেউতা আছিল। আৰু তেনে কোনো ভাবুকি কাৰো পৰা লাভ কৰা হোৱা নাছিল।

গুলীবৰ্ষণ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে দোকানখনৰ ভিতৰ ভাগত খালী গুলীৰ কাৰ্টিজৰ সন্ধান চলাইছিল যদিও, এতিয়ালৈকে উদ্ধাৰ কৰিবলৈকে সক্ষম হোৱা নাই। ব্যৱসায়ীগৰাকীৰ অনুজ্ঞাপত্ৰ কোনো অস্ত্ৰ-শস্ত্ৰ আছে নেকি বুলি জানিব বিচৰাত তেনে অস্ত্ৰ-শস্ত্ৰ নাছিল বুলি জনাই পুত্ৰই।

এইফালে স্থানীয় লোকে এই গুলীবৰ্ষণৰ কোনো শব্দ শুনা নাই বুলি মন্তব্য কৰিছে। সেয়েহে এতিয়া অধিক ৰহস্যজনক হৈ পৰিছে নুনমাটিৰ আনছাৰী মীট শ্ব'পত সংঘটিত এই গুলীবৰ্ষণ কাণ্ড। উচ্চপদস্থ আৰক্ষী বিষয়া আৰু নুনমাটি আৰক্ষীয়ে এই সন্দৰ্ভত দোকানখনৰ স্বত্তাধিকাৰীক সোধ পোছ অব্যাহত ৰাখিছে যদিও কোনো কথা সদৰী কৰা নাই।

ইফালে, নুনমাটি থানাত আৰক্ষীয়ে আটক কৰি থোৱা মাংস দোকানীগৰাকীক সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখাই থোৱা হৈছে। থানা খনৰ এজন আৰক্ষী বিষয়াই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- সেয়া হেনো গুলীচালনাৰ ঘটনা নাছিল। মাৰ্ব'লৰ আঘাততহে হেনো এনেদৰে ফুটা হ'ল মাংস দোকানখনৰ গ্লাছ। আৰক্ষী বিষয়া জনৰ এই দাবী কিমান বিশ্বাসযোগ্য সেয়া বিশ্চাৰ্যৰ বিষয়। মাৰ্ব'লৰ আঘাতত এনেদৰে এখন গ্লাছ ফুটিব পাৰেনে? সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in