মহানগৰীত ভৰলু নৈ পূজা-অৰ্চনাৰে অনিলনগৰবাসীৰ তীব্ৰ প্ৰতিবাদ…

মহানগৰীত ভৰলু নৈ পূজা-অৰ্চনাৰে অনিলনগৰবাসীৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যত সংহাৰী ৰূপৰ মাজতে এইবাৰ নমামী ব্ৰক্ষপুত্ৰ নহয়, গুৱাহাটীত এইবাৰ নমামী গেলা ভৰলু। গেলা ভৰলু নৈৰ পূজা অৰ্চনা মহানগৰবাসীৰ। উল্লেখ্য যে, মহানগৰীৰ অনিল নগৰবাসীয়ে আয়োজন কৰা এই নমামী গেলা ভৰলু নৈৰ পৰিস্কাৰ হোৱাৰ পূজা-অৰ্চনাৰ বাবে স্থানীয় লোকে ধূপ, নৈবদ্য তথা কলগছত চাকিৰে ভৰলু নৈত ৰাখি ৰাজ্য চৰকাৰৰ ওচৰত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে ৰাজ্যৰ বিজেপি চৰকাৰক ভোট দিয়াৰ বিপৰীতে সূতাহে দিয়া বুলি ক্ষোভ ব্যক্ত কৰে অনিল নগৰৰ এগৰাকী বাসিন্দাই। লগতে চৰকাৰে বান সাহাৰ্য দিয়াৰ বিপৰীতে বানত ককবকাই থকা বন্যাৰ্তক দিবলৈ মুখ্যমন্ত্ৰীৰ বান সাহাৰ্য হাস্যকৰ বুলিও মুকলিকৈ প্ৰতিবাদত অনিল নগৰৰ স্থানীয়লোকে প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in