লাষ্টগেটৰ উৰণীয়া সেতুত প্ৰতিফলিত হ’ব অসমীয়া সংস্কৃতিঃ ৪.৬ কিঃমিঃত অংকন কৰিছে ছবি…

লাষ্টগেটৰ উৰণীয়া সেতুত প্ৰতিফলিত হ’ব অসমীয়া সংস্কৃতিঃ ৪.৬ কিঃমিঃত অংকন কৰিছে ছবি…

ডিজিটেল ডেস্কঃ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে গুৱাহাটীৰ ডাউন টাউনত নিৰ্মীয়মান বহু প্ৰত্যাশিত উৰণীয়া সেঁতুৰ কাম। এই সময়চোৱাত উৰণীয়া সেতু নিৰ্মাণৰে জড়িত শ্ৰমিকৰ লগতে ব্যস্ত হৈ পৰিছে নিলীম মহন্ত আৰু আন ২০জন লোক। নিলীম মহন্তৰ নেতৃত্বত ২০জনীয়া দলটোৱে নিৰ্মীয়মান উৰণীয়া সেতুখনৰ দুই কাষে আঁকিছে ছবি।

সৌন্দৰ্যবৰ্ধনৰ বাবে এই ছবি অংকনত তেওঁলোক ব্যস্ত হৈ পৰে সন্ধিয়া ৫ বজাৰ পৰা। সমগ্ৰ ৰাতি তেওঁলোকে অংকন কৰে উৰণীয়া সেঁতুৰ দুই পাৰৰ ৱালত ছবি। অসমীয়া জাতি-জনগোষ্ঠী আৰু সত্ৰীয়া সংস্কৃতিক এই ছবিৰ জৰিয়তে তুলি ধৰা প্ৰয়াস কৰিছে নিলীম মহন্তৰ নেতৃত্বত ২০ জনীয়া দলটোৱে। এইবাৰ দীপাৱলীত উক্ত উৰণীয়া সেঁতুখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানকভাৱে উন্মোচন কৰিব।

তাৰ পূৰ্বে এইদৰে জোৰদাৰ ভাৱে চলিছে কাম। উৰণীয়া সেতুৰ কামৰ লগতে প্ৰায় ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছাইডৰ দেৱালত অংকন কৰা ছবিবোৰে মহানগৰীক দিব নতুন মাত্ৰা। নিলীম মহন্তই অসমীয়া প্ৰতিদিনৰ ডিজিটেলক জানিবলৈ দিয়া মতে ২৫ অক্টোবৰৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে লক্ষ্য ঠিক কৰি লৈছে। লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত তথা উৰণীয়া সেতুখন নিৰ্মাণ কৰা অনিল দাসৰ পৰিকল্পনাত এনে পদক্ষেপ লোৱা হৈছে বুলি জানিবলৈ দিয়ে মহন্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in