গুৱাহাটী এলেন কেৰিয়াৰ ইনষ্টিটিউটত কোভিড টীকাকৰণ অভিযান…

গুৱাহাটী এলেন কেৰিয়াৰ ইনষ্টিটিউটত কোভিড টীকাকৰণ অভিযান…

ডিজিটেল সংবাদ, গুৱাহাটী: কোভিড-১৯ সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বৃদ্ধি পাইছে তাকেই লক্ষ্য কৰি এলেন কেৰিয়াৰ ইনষ্টিটিউট গুৱাহাটীয়ে ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ বাবে কোভিড টীকাকৰণৰ দুদিনীয়া মেগা ড্ৰাইভ আয়োজন কৰে,আৰু প্ৰায়  ৩০০ জন শিক্ষাৰ্থীক সফলতাৰে প্ৰথম পালিৰ টীকাকৰণ প্ৰদান কৰে।

কেন্দ্ৰৰ মুৰব্বী ব্ৰজেশ কুমাৰ যাদৱে এই কাৰ্যসূচীত কয় যে- ,"কোভিড ১৯ দ্ৰুত গতিত বৃদ্ধি পাই আহিছে আৰু কয শিক্ষাৰ্থীসকলৰ সুৰক্ষা আমাৰ প্ৰথম অগ্ৰাধিকাৰ।আমি সদায় শিক্ষাৰ উপৰিও সকলো সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰি যাম"। তদুপৰি, এলেন গুৱাহাটী আৰু স্বাস্থ্য বিভাগৰ দলে কোভিড-১৯ সুৰক্ষা প্ৰটোকল অনুসৰণ কৰাৰ বাবে ৰাইজক আহ্বান জনায়। অভিভাৱক সকলকো তেওঁলোকৰ সন্তানক সময়সীমাৰ পিছত অপ্ৰয়োজনীয়ভাৱে বাহিৰত ঘূৰি ফুৰাত বাধা দিবলৈ পৰামৰ্শ দিয়ে "।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in