ঘিলামৰাৰ চোৰাং মদ সৰবৰাহকাৰীক সুৰক্ষাৰ নিকৃষ্ট ৰাজনৈতিক কচৰৎ, ধৃত কুলজিতক জেললৈ নিক্ষেপ…

ঘিলামৰাৰ চোৰাং মদ সৰবৰাহকাৰীক সুৰক্ষাৰ নিকৃষ্ট ৰাজনৈতিক কচৰৎ, ধৃত কুলজিতক জেললৈ নিক্ষেপ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাবাসীক পনবন্দী কৰি জন-জীৱনলৈ প্ৰচণ্ড ভাবুকি নমাই অনা অৰুণাচলী বিলাতী সুৰাৰ চোৰাং বেহাখনক
লৈ আৰম্ভ হৈছে ক্ষমতাশীল ৰাজনীতিকৰ নিকৃষ্ট কচৰৎ। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী অঞ্চলৰ পৰা গোপন সূত্ৰে খবৰ লাভ কৰি ঢকুৱাখনা
মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাই অকলে চলোৱা অভিযান কালত এএছ০৭ এইচ ৭৫১৮ নম্বৰৰ বগা বলেৰ' খনৰ পৰা ১০ কাৰ্টুন অৰুণাচলী চোৰাং মদ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ ভকত কৈৱৰ্ত্য গাঁৱৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মহকুমা আৰক্ষী
বিষয়া ভূঞাই নিজে গোগামুখ থানাত এই দুষ্কাৰ্য সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল।

অসম আৰক্ষী সেৱাৰ এগৰাকী শীর্ষ বিষয়াই নিজে তৰা গোচৰৰ তদন্ত আৰম্ভ কৰোঁতেই আৰম্ভ হৈছে চোৰাং সৰবৰাহকাৰী আৰু অসৎ চক্ৰটোক ৰক্ষণাবেশন দিয়াৰ এক নিকৃষ্ট ৰাজনীতি। গোগামুখ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া কুলদ্বীপ গগৈয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰোঁতেই মুকলি ভাবে দুৰ্নীতি গ্ৰস্তক সুৰক্ষা দিয়াৰ ঘৃন্য প্ৰয়াস আৰম্ভ হোৱাত সমগ্ৰ ঢকুৱাখনা মহকুমাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে। অনুসন্ধান কালত উন্মোচিত তথ্য মতে গোগামুখ থানাত জামিনবিহীন ধাৰাত পঞ্জীভূত গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়তে শাসক দলৰ এগৰাকী প্ৰতাপী জনপ্ৰতিনিধিৰ ঘনিষ্ঠই চোৰাং সৰবৰাহকাৰী চক্ৰটোক ৰাজনৈতিক সুৰক্ষা প্ৰদানৰ বাবে তৎপৰ হৈ পৰিছে।

চোৰাং বহিঃৰাজ্যৰ মদ সহ হাতে লোতে ধৰা পৰা কুলজিত পাঠকৰ পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠতাৰ দোহাই দি এজন বিশেষ দায়িত্ব প্ৰাপ্ত ব্যক্তিয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াতো বিপথে পৰিচালিত কৰি অসৎ চক্ৰটোক সুৰক্ষা প্ৰদানত নিৰ্লজ ভাবে নামি পৰাৰ অভিযোগ উঠিছে । শাসক দলৰ এগৰাকী
বিশেষ জনপ্ৰতিনিধিৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁৰেই এজন ঘনিষ্ঠই ধৃত চোৰাং মদৰ সৰবৰাহকাৰীক উদ্ধাৰ কৰিবলৈ হেঁচা দিয়া নিকৃষ্ট পদক্ষেপৰ কটু সমালোচনা আৰু চৰ্চা চলিছে ঘিলামৰাৰ বাটে হাটে। তেনেদৰে অদ্যপি ঘিলামৰাত বহুকেইটা গোপন অৰুণাচলী সুৰাৰ ঘাটিত বৃহৎ পৰিমাণৰ চোৰাং মদ মজুত থকাৰ পাছতো ঘিলামৰা আৰক্ষীয়ে তেনেবোৰ ঘাটিত অভিযান চলাবলৈ সাহস গোটাব নোৱাৰা ৰহস্যজনক স্থিতিকো সমানে সমালোচনা কৰিছে ঘিলামৰাবাসীয়ে।

"অসমীয়া প্ৰতিদিন"ৰ তদন্তত প্ৰাপ্ত খবৰ অনুসৰি এনে ঘাটিত জালিয়াতিৰে প্ৰস্তুত কৰা "কেৱল অসমত বিক্ৰী বাবে" বুলি লিপিবদ্ধ বিভিন্ন বিলাতী সুৰাৰ নকল ষ্টিকাৰ বহু পৰিমানে মজুত আছে। কিন্তু ঘিলামৰা আৰক্ষীৰ ভিজা মেকুৰীৰ ভূমিকা আৰু ৰহস্যজনক দৰদৰ বাবে তাত অভিযানো চলা নাই আৰু সেয়া উদ্ধাৰো হোৱা নাই। এই ক্ষেত্ৰত এগৰাকী বিশেষ "মহিলা"ৰ ভূমিকায়ো ঘিলামৰাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ঘিলামৰাত মুঠ ৮ খনকৈ বিলাতী সুৰাৰ বাৰ ,বিপনি উপলব্ধ হোৱাৰ পাছতো চৰকাৰী ৰাজহ সংগ্ৰহত মুকলিকৈ বিধি পঠালি দি চোৰাং অৰুণাচলী মদৰ অশুভ বেহা চলাবলৈ নিৰ্বিবাদে এৰি দেশৰ ৰাজহ ঘাটি হোৱাত নিমগ্ন হোৱা আৰক্ষীৰ উচটাই জোল খোৱা নীতিৰ বহু গোপন তথ্য শীঘ্ৰে ৰাজহুৱা হোৱাৰ পথত।

ইফালে, বিগত ৩ দিন গোগামুখ আৰক্ষীয়ে জেৰাৰ বাবে নিজৰ জিম্মাত ৰখা ধৃত কুলজিত পাঠকক শুক্ৰবাৰে ধেমাজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষী আৰু ধেমাজি আৱকাৰী বিভাগৰ যৌথ জেৰাৰ কালত বহু তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। অন্যহাতে এই চোৰাং বেহাৰ সতে জড়িত ঘিলামৰাৰ বহুকেইজন নায়ক যোৱা ১৬ জুনৰ অভিযানৰ পাছৰে পৰা আত্মগোপন কৰি থকা দেখা গৈছে। তদন্তকাৰী গোগামুখ আৰক্ষীৰ জালত পৰাৰ ভয়ত ত্ৰস্তমান হৈ পলাই ফুৰা এনেবোৰ চোৰাং মদ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলেহে তদন্তই সঠিক দিশত অগ্ৰসৰ হ'ব বুলি ঘিলামৰাবাসীয়ে আশা প্ৰকাশ কৰিছে। কিন্তু নিকৃষ্ট ৰাজনৈতিক প্ৰভাৱ খটুৱাই এক চক্ৰই চলোৱা হঠকাৰী প্ৰয়াসে এই তদন্তক অশ্ব ডিম্বলৈ পতিত কৰাৰ আশংকাত ভুগিছে ন্যায়কামী মহকুমাবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in