ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰত্যাহ্বান, সোঁতৰ বিপৰীতে যাত্ৰা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ…

ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰত্যাহ্বান, সোঁতৰ বিপৰীতে যাত্ৰা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ…

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্যৰ চাৰিওফালে ইখনৰ পাছত সিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্যৰ সময়তে এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়। চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ বাতৰিয়ে সচেতন মহলক আশাহত কৰাৰ সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰত্যাহ্বান এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ । ৰাজ্যৰ শিক্ষাখণ্ডৰ মহঙা দৃশ্যৰ বিপৰীতে উত্তৰ অসমৰ এখন প্ৰাথমিক বিদ্যালয়ত দেখা গৈছে ইয়াৰ বিপৰীত ছবি ।

যি সময়ত বিভিন্ন কাৰণত ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মৃত্যুঘন্টা বাজিবলৈ আৰম্ভ হৈছে তেনে সময়তে উত্তৰ অসমৰ এখন ব্যতিক্ৰমী চৰকাৰী প্ৰাথমিক বিদ্যালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে ।সোঁতৰ বিপৰীতে এই যাত্ৰা অব্যাহত ৰখা এইখন বিদ্যালয় হৈছে ঢকুৱাখনা মহকুমাৰ বৰদলনী(ঘিলামৰা) প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়। নামতেই আদৰ্শ নহয় কামটো আদৰ্শ স্থাপন কৰা এইখন বিদ্যালয়ে সঠিক শিক্ষা আৰু সাংস্কৃতিক বাতাবৰণৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ এইখন বিদ্যালয়ে গ্ৰহণ কৰিছে কিছু ব্যতিক্ৰমী পদক্ষেপ ।

প্ৰধান শিক্ষক – সহকাৰী শিক্ষক বৃন্দৰ লগতে অভিভাৱক-পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ ত্যাগ আৰু দায়বদ্ধতাৰ বাবে দিনক দিনে উন্নতিৰ জখলাৰে প্ৰত্ৰে-পুষ্পই জাতিষ্কাৰ হৈ উঠিবলৈ সক্ষম হৈছে। ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক গড়কাপ্তানী পথৰ কাষত ঘিলামৰা বজাৰৰ সমীপত অৱস্থিত এই বিদ্যালয়খন এতিয়া সমগ্ৰ অঞ্চলটোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাত এতিয়া নানাৰঙী ফুল আৰু উদ্ভিদৰ মনোৰম সৌন্দৰ্যই বিৰাজ কৰিছে বিদ্যালয়খনৰ চৌহদ ।

১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয় খনত বৰ্তমান ৪৮০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।বিদ্যালয়খনৰ শিক্ষকসকলে জন্মলগ্নৰে পৰা বিদ্যালয়খনক ব্যতিক্ৰম ৰূপত সজাই পৰাই তোলাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। বিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰিলেই চকুত পৰে কিছুমান মন পৰশা বাক্য আৰু মধুৰ শব্দ, যিবোৰ কথাই বিদ্যালয়খনক দিছে এক অনন্য মাত্ৰা। তদুপৰি, বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠা তৰুণ ৰাম ফুকন,ৰজনী কান্ত বৰদলৈ,মাদাৰ টেৰেছা,ৰবীন্দ্ৰ নাথ ঠাকুৰ আদি মহান মনীষী সকলৰ বিভিন্ন নামেৰে নামাংকন কৰা হৈছে।

শৈক্ষিক, সাংস্কৃতিক আৰু মানসিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বিদ্যালয়খনৰ খনৰ পৰা প্ৰতি বছৰে উৎপন্ন হয় বহুতো মানৱ সম্পদ ।প্ৰতি শনিবাৰে বিদ্যালয়খনত অনুষ্ঠিত কৰা হয় 'শনিবৰীয়া চ'ৰা' য'ত ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে লোৱা হয় বিশেষ পদক্ষেপ । দিহা নাম ,গীত- নৃত্য ,কবিতা আবৃত্তি আদি বিভিন্ন বিযয়ৰ ওপৰত চৰ্চা কৰা হয় এই চ'ৰাত। এনেধৰণৰ মনোৰঞ্জন কাৰ্যসূচীৰ মাজেৰে গুৰু – শিষ্যৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ প্ৰতি ধাউতি বৃদ্ধি কৰাই হৈছে শিক্ষকসকলৰ উদ্দেশ্য।

গীত, মাত, বাতৰি পঠন, , নাট, কবিতা আবৃত্তি, মহৎলোকৰ বাণীৰে মুখৰিত বিদ্যালয় খনত মহান মহান মনিষীসকলৰ ব্যক্তিত্বৰ অনুকৰণ কৰা হয়। মন কৰিবলগীয়া যে বিদ্যালয়খনৰ ৪ গৰাকীকৈ শিক্ষকে বিগত সময়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। শেহতীয়াকৈ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত A+ গ্ৰেড লাভ কৰাৰ লগতে সমগ্ৰ লখিমপুৰ জিলাৰ ভিতৰত এখন লেখত লব লগীয়া বিদ্যালয় হিচাবে পৰিগণিত হৈছে।

উল্লেখযোগ্য যে, বিদ্যালয়খনত কৰ্মৰত শিক্ষাগুৰু সকলে একমাত্ৰ চৰকাৰী দৰমহাৰ বাবে চাকৰি নকৰি ছাত্ৰ-ছাত্ৰীসকলক একোগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আত্ম নিয়োগ কৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী অঞ্জনা কোচ আৰু সহকৰ্মী শিক্ষক শিক্ষয়ত্ৰীৰ লগতে চি আৰ চি চি পাপৰি গগৈ,বিদ্যালয় পৰিচালনা সমিতি-অভিভাৱক সকলৰ এই মহান প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in