ঘগ্ৰাপাৰৰ নৱগ্ৰহ মন্দিৰত চুৰি কাণ্ড

ঘগ্ৰাপাৰৰ নৱগ্ৰহ মন্দিৰত চুৰি কাণ্ড

ডিজিটেল সংবাদ, বৰনদ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ চিলিংগাঁৱৰ নৱগ্ৰহ মন্দিৰত মঙলবাৰে নিশা এক চুৰি কাণ্ড সংঘটিত হয়। মন্দিৰৰ দান-পাত্র কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায়। তাৰ পিছতে কাষৰ এটি পুখুৰীত পেলাই থৈ যায় দান পাত্ৰটো।

পাত্রটোত প্ৰায় কেবা হাজাৰ টকা থকা বুলি অনুমান কৰা হৈছে। মন্দিৰটোত ইয়াৰ পূৰ্বে এনে চুৰি কাণ্ড সংঘটিত হোৱা নাছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি কৈলাশ শৰ্মাই ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in