গোচৰ দিবলৈ যোৱা বিশেষ ভাৱে সক্ষম যুৱকক প্ৰহাৰ আৰক্ষী বিষয়াৰ, ৰাইজৰ থানা ঘেৰাও

গোচৰ দিবলৈ যোৱা বিশেষ ভাৱে সক্ষম যুৱকক প্ৰহাৰ আৰক্ষী বিষয়াৰ, ৰাইজৰ থানা ঘেৰাও

ডিজিটেল সংবাদ, গোগামুখঃ যোৱা ৩ ডিচেম্বৰৰ নিশা গেৰুগামুখ আৰক্ষী চকীৰ পৰা ৮০০ মিটাৰ নিলগৰ ধৰ্মপুৰ গাঁৱত সমীপৰ কৈলাশপুৰ গাঁৱৰ উদ্ধৱ দাস নামৰ এজন যুৱকৰ সৈতে গাঁওৰক্ষী বাহিনীৰ হতাহতি হয়। জানিব পৰা মতে, উদ্ধৱ দাস নামৰ যুৱকজনে এজন অচিনাক্ত ব্যক্তিৰ সৈতে গাঁওখনত প্ৰৱেশ কৰিব বিচৰাত গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰাক লৈ প্ৰথমে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু পিছলৈ উদ্ধৱ দাসে গাঁওৰক্ষা বাহিনীৰ সদস্যক শাৰিৰীকভাৱে প্ৰহাৰ কৰে।

এই বিষয়ে সমীপৰ গেৰুগামুখ আৰক্ষী থানাত গাঁওখনৰ অনিল বৰা নামৰ এজন বিশেষভাৱে সক্ষম যুৱকে খবৰ দিবলৈ যাওতে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দয়াধন তপ্নই অনিল বৰা আৰু আন এজন যুৱকক অকথ্য গালি গালাজ কৰাৰ উপৰিও শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে পিছত গাঁওৰক্ষী বাহিনীয়ে ১০০ত ফোন কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে উদ্ধৱ দাস আৰু এজন অচিনাক্ত ব্যক্তিক আৰক্ষীৰ হাতত চমজাই দিয়ে।

আনহাতে, এই ঘটনাৰ পিছতে গেৰুগামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দয়াধন তপ্নই গাঁওৰক্ষী বাহিনীটোক থানালৈ মাতি পথোৱাত আৰক্ষীৰ সন্মুখতে উদ্ধৱ দাসৰ পত্নী জোনো দাসে গাঁওৰক্ষী বাহিনীৰ সভাপতি চন্দ্ৰ বৰাক চেণ্ডেলেৰে প্ৰহাৰ কৰা। ইয়াৰ পিছতে উপস্থিত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আনফালে, চন্দ্ৰ বৰাই উদ্ধৱ দাস আৰু পত্নী জোনো দাসৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো দয়াধন তপ্নই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে উত্তেজিত ৰাইজে পুৱাৰ পৰা সন্ধিয়ালৈকে গেৰুগামুখ থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। উত্তেজিত ৰাইজে থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দয়াধন তপ্নৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in