লৰাটোক বুকুত সাৱটি অকলে আছোঁ! মানুহজনক ভালকৈ চাব…

লৰাটোক বুকুত সাৱটি অকলে আছোঁ! মানুহজনক ভালকৈ চাব…

ডিজিটেল ডেস্কঃ প্ৰথমে নিগেটিভ বুলি প্ৰচাৰ হৈছিল যদিও শনিবাৰে নিশা অৱশেষত কৃষক নেতা অখিল গগৈৰ কোৰোনাৰ ৰিজাল্ট আহিল পজিটিভ। গুৱাহাটীৰ কাৰাগাৰৰ পৰা তেওঁক পোনে পোনে লৈ অনা হল গুৱাহাটী চিকিতসা মহাবিদ্যালয়লৈ।

বিগত প্ৰায় ১৫দিন ধৰি অতিকৈ অসুস্থ পৰা কৃষক নেতাগৰাকী ইমানেই দুৰ্বল হৈ আছিল যে, জি এম চি এইচত গাড়ীৰ পৰা নামিবলৈও তেওঁৰ আনৰ সহায় লব লগা হল।তাত সেইসময়ত উপস্থিত থকা সাংবাদিক সকলক উদ্দ্যেশি অখিল গগৈয়ে কলে, বৰ কষ্টত আছো। অসমবাসী ভালে থাকক। জয় আই অসম।

বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত এই ভিডিঅটো ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ এনে আক্ৰোশমূলক স্থিতিক তীব্ৰ গৰিহণা দিছে বহুজনে।অসুস্থ অখিল গগৈক লৈ ৰাজনীতি নকৰিবলৈ বিনম্ৰ আহ্বানো জনাইছে একাংশই। বহুতে চৰকাৰক সমালোচনা কৰি কৈছে, কোনেও জেলৰ পৰা উলিয়াই আনিব নোৱাৰা অখিলক উলিয়াই আনিব পাৰিলে কোৰোনাই।

এনেবোৰ বিষয়ৰ সন্দৰ্ভত চৰ্চা চলি থকা সময়তে কৃষক নেতাগৰাকীৰ পত্নীয়ে ফেচবুকত লিখা এটা পোষ্ট ছচিয়েল মিডিয়াত অতিকৈ চৰ্চা লাভ কৰিছে। চৰকাৰক অনুৰোধৰ লগতে কৃষক নেতাগৰাকীৰ স্বাস্থ্য, ঘৰখনত থকা পুত্ৰ আৰু তেওঁৰ মানসিক পৰিস্থিতিৰ বিষয়ে আৱেগিক আৰু ক্ষোভ মিশ্ৰিত এই পোষ্টটোৱে সকলোৰে অন্তৰ আত্মা চুই গৈছে।

তেওঁ পোষ্টটোত লিখিছে- অৱশেষত অপেক্ষাৰ অন্ত হ'ল। তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে। আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল, 'পজিটিভ'! আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপৰ্টত কি আহিল? জনাব নোৱাৰিলে। শুনামতে, পৰহিৰ পৰা জি এম ছি এইছৰ বিচনা পাৰিয়েই আছে। কৃতজ্ঞ!অতি কৃতজ্ঞ!মই ৰাজনীতি নকৰোঁ। শিক্ষকতা কৰোঁ।

মই আন সাধাৰণ মানুহবোৰৰ দৰে কাৰোবাৰ জী, পত্নী আৰু মাতৃ।মোক মাত্ৰ এজন সুস্হ শৰীৰৰ মানুহ দিব লাগিব। আপোনালোকৰ দায়িত্বত আছিল, হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, হে মাননীয় গৃহমন্ত্ৰী মহোদয়! চকুলো টুকি নেদেখুৱাওঁ।

মানৱীয় আবেগৰ দোহাই, অধিকাৰৰ দোহাই। মাতৃ, ভগ্নী, জী, পিতৃ, সন্তান, আৰু সকলো সমব্যথী মানুহৰ শুকাই শিল হোৱা চকুপানীবোৰৰ দোহাই! সকলোকে, আৰু কয়দীসকলকো উপযুক্ত চিকিৎসা দিয়ক। হয়তো জনমত গঠন নোহোৱা হ'লে , NIAৰ আদালতত আবেদন নজনোৱা হ'লে গোটেই কাৰাগাৰখনৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলেহেঁতেন!

অখিলৰ কথা কি ক'ম? বহু পুৰণা চিকিৎসকে জানে। সাধাৰণ ভাইৰেল জ্বৰতো বছৰি এবাৰ বা দুবাৰ চিকিৎসালয়ত থাকিব লগা হয়। ২০০৩ৰ পৰা চলি থকা 'য'তে ৰাতি ত'তে কাটি' জীৱনে শৰীৰ ভংগুৰ কৰি পেলাইছে। লকডাউন! অকলে আছোঁ। জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল'ৰাটোক বুকুত সাৱটি। এতিয়া ওলাই যাব নোৱাৰো। মানুহজনক ভালকৈ চাব! অনুনয় নহয়, মানৱীয়তাৰ দাবী, অধিকাৰৰ দাবী!!!!!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in