নলবাৰীত ‘গীত মাধুৰী’ উন্মোচন

নলবাৰীত ‘গীত মাধুৰী’ উন্মোচন

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ বিভিন্ন উৎসৱ-পাৰ্বনৰ গীতৰ সংকলন 'গীত মাধুৰী' নামৰ গ্ৰন্থখন বৃহস্পতিবাৰে নলবাৰীত উন্মোচন কৰা হয়। নলবাৰী চহৰৰ নিকটৱৰ্তী মদনমোহন সখোৱা গাঁৱৰ ৰাজহুৱা গোসাঁইঘৰ প্ৰাংগনত বিয়লি অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট নামতী ৰেণু দেৱীৰ 'গীত মাধুৰী' নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা ৰাজ্যিক কৃতি শিক্ষকৰ পুৰস্কাৰপ্ৰাপ্ত অৱসৰী বিষয় শিক্ষক অশ্বিনী কুমাৰ শৰ্মাই।

এই উপলক্ষ্যে মাধবানন্দ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰতুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাই কয় যে অসমীয়া লোক সাহিত্যৰ সঁফুৰা সদৃশ বিভিন্ন গীত-মাত, প্ৰবাদ-প্ৰবচন, কিম্বদন্তী-সাধুকথা আদি আমাৰ জাতীয় সম্পদ। গীত মাতবোৰ সাধাৰণতে নাৰী সমাজৰ মাজতে সংৰক্ষিত। এনেবোৰ গীতৰে কিছুমান গীত ৰেণু দেৱীয়ে সংগ্ৰহ আৰু সংৰক্ষণ কৰি পুথি আকাৰে প্ৰকাশ কৰি উলিওৱাটো অভিনন্দনযোগ্য বুলিও সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে।

সভাত সাংবাদিক কমলেশ শৰ্মায়ো প্ৰাসংগিক ভাষণ দিয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতিৰ অস্তিত্বৰ সংকটৰ সময়ত এনেবোৰ গ্ৰন্থই কিছু হ'লেও ইতিবাচক প্ৰভাৱ পেলাব পাৰে। অনুষ্ঠানত অৱসৰী শিক্ষক শশীনাথ শৰ্মায়ো দুআষাৰ শুভেচ্ছামূলক ভাষণ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হীৰকজ্যোতি শৰ্মাই আঁত ধৰা সভাত লেখিকা ৰেণু দেৱীয়েও মনৰ অনুভৱ ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in