ইমৰান খানৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব গাভাস্কাৰে

ইমৰান খানৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব গাভাস্কাৰে

ডিজিটেল ডেস্কঃ ১৮ আগষ্টত শপত ল'বলগীয়া পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানৰ  শপতগ্ৰহণ অনুষ্ঠানলৈ নাযায় সুনীল গাভাস্কাৰ।

খেলপথাৰত থকা আত্মীয়তা আৰু বন্ধুত্বৰ সূত্ৰে ইমৰান খানে তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ তিনিজনকৈ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নিমন্ত্ৰণ কৰিছে।

তাৰ ভিতৰত সুনীল গাভাস্কাৰ, কপিল দেৱ আৰু নবজিৎ সিং সিদ্ধু আছিল। দুই দেশৰ মাজত থকা শত্ৰুতাপূৰ্ণ সম্পৰ্কৰ বাবেই এই অনুষ্ঠানলৈ চৰকাৰী সেউজ সংকেটৰ অবিহনেই যাব খোজা নাই কোনো এজন ক্ৰিকেটাৰেই।

এক সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে কয় যে- হয়, মই ইমৰানৰ সৈতে কথা পাতিছো। তেওঁ  মোক শপতগ্ৰহণ অনুষ্ঠানলৈ সম্ভৱ হয় যদি মাতিছে।

কিন্তু মোৰ ধাৰাভাষ্যৰ দিবলগীয়া কিছু কাম থকাৰ বাবে যাব নোৱাৰিম বুলি তেওঁক জনাই দিছো। ৭০ আৰু ৮০ দশকত খেলপথাৰত প্ৰায়ে মুখামুখি হৈছিল খান আৰু গাভাস্কাৰ।

সেই সূত্ৰে দুয়োৰে মাজত ভাল বন্ধুত্ব আছে। গাভাস্কাৰৰ মতে, ইমৰান খানেই হ'ব পাকিস্তানৰ এনে এজন প্ৰধানমন্ত্ৰী যি ভাৰত বিভাজনৰ পাছত দীৰ্ঘসময় ভাৰতত কটাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in